உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • মুখলজ্জাৰ ভয়ত গৰ্ভপাত! ছাত্ৰীৰ মৃত্যুৰ বাবে দায়ী চিকিৎসকক অৱশেষত গ্ৰেপ্তাৰ

    মুখলজ্জাৰ ভয়ত গৰ্ভপাত! ছাত্ৰীৰ মৃত্যুৰ বাবে দায়ী চিকিৎসকক অৱশেষত গ্ৰেপ্তাৰ

    বৃহৎ টকাৰ লেনদেনত মুন্নাভাই দিলদাৰক ৰক্ষণাবেক্ষণ দিয়াৰ পিছত বৰ্তমানৰ আৰক্ষী অধীক্ষকৰ দৃঢ় পদক্ষেপত গ্ৰেপ্তাৰ হয়।

    বৃহৎ টকাৰ লেনদেনত মুন্নাভাই দিলদাৰক ৰক্ষণাবেক্ষণ দিয়াৰ পিছত বৰ্তমানৰ আৰক্ষী অধীক্ষকৰ দৃঢ় পদক্ষেপত গ্ৰেপ্তাৰ হয়।

    বৃহৎ টকাৰ লেনদেনত মুন্নাভাই দিলদাৰক ৰক্ষণাবেক্ষণ দিয়াৰ পিছত বৰ্তমানৰ আৰক্ষী অধীক্ষকৰ দৃঢ় পদক্ষেপত গ্ৰেপ্তাৰ হয়।

    • Share this:

    মৰিগাঁৱৰ লাহৰীঘাটত যোৱা ২২ জানুৱাৰীত সংঘটিত হৈছিল এক বে–আইনী কাৰ্য। অন্তঃসত্ত্বা হোৱা এগৰাকী দশম শ্ৰেণী ছাত্ৰীক গৰ্ভপাত কৰাইছিল লাহৰীঘাটৰ মুন্নাভাই এম বি বি এছ দিলদাৰ হুছেইন ওৰফে পাগলা ডাক্তৰে। কিন্তু অত্যধিক ৰক্তক্ষৰণ হৈ মৃত্যু হৈছিল ছাত্ৰীগৰাকীৰ।


    মৃত ছাত্ৰীগৰাকীৰ মৃতদেহ ২২ জানুৱাৰীত নগাঁও জিলাৰ জুৰীয়াৰ ফাকুলিস্থিত ককাকৰ ঘৰত এদিন লুকুৱাই ৰাখি ২৩ জানুৱাৰীৰ নিশা সংগোপনে দগাঁও কবৰস্থানত পুতি থৈছিল।দুৰ্ভগীয়া মৃত ছাত্ৰীগৰাকীৰ মাতৃ, ভিনীহিয়েক আৰু জ্যেষ্ঠ ভগ্নীৰ নেতৃত্বতে হৈছিল এই জঘন্য ঘটনা। মুন্নাভাই দিলদাৰে এই ঘটনা গাপ দিবৰ বাবে পৰিয়ালটোক দিছিল ১,৮০,০০০ টকা।


    কিন্তু পৰৱৰ্তী সময়ত সংখ্যালঘু গণতান্ত্ৰিক যুৱ ছাত্ৰ ফেডাৰেচনৰ সদস্যই মৰিগাঁৱৰ তদানীন্তন আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰি মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে দাবী কৰে। আৰু এই অভিযোগৰ ভিত্তিতে নগাঁও আৰক্ষীয়ে মৃতদেহ কবৰৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰাত ওলাই পৰে ছাত্ৰীগৰাকীৰ মৃত্যুৰ ৰহস্য।


     ঘটনা সন্দৰ্ভত মৰিগাঁও আৰক্ষীয়ে মাতৃ ফুলেছা খাতুন আৰু ভিনীহিয়েক বাহাৰুলক আটক কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰে যদিও বৃহৎ টকাৰ লেনদেনত মুন্নাভাই দিলদাৰক ৰক্ষণাবেক্ষণ দিয়ে। কিন্তু বৰ্তমানৰ আৰক্ষী অধীক্ষকগৰাকীৰ দৃঢ় পদক্ষেপত মঙলবাৰে গ্ৰেপ্তাৰ হয় দিলদাৰ হুছেইন। ধৃত চিকিৎসকগৰাকীৰ বিৰুদ্ধে লাহৰীঘাট থানাত পঞ্জীয়ন হৈছে ৫৬/২১ নম্বৰত গোচৰ।

    Published by:Gautam Barman
    First published: