• Home
  • »
  • News
  • »
  • assam
  • »
  • BOKAKHAT : বোকাখাতত ৪৭টাকৈ গৰুৰ অপমৃত্যুক লৈ সৰৱ হিন্দুত্ববাদী সংগঠন, আৰক্ষী প্ৰশাসনক প্ৰায়শ্চিত্ত হোৱাৰ আহ্বান

BOKAKHAT : বোকাখাতত ৪৭টাকৈ গৰুৰ অপমৃত্যুক লৈ সৰৱ হিন্দুত্ববাদী সংগঠন, আৰক্ষী প্ৰশাসনক প্ৰায়শ্চিত্ত হোৱাৰ আহ্বান

পুৱা ৬ বজাত গৰুভৰ্তি ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰাৰ পাছত ১০.৩০ বজাতহে ট্ৰাকৰ পৰা গৰু নমোৱাৰ ব্যৱস্থা কৰিছিল আৰক্ষীয়ে ৷

পুৱা ৬ বজাত গৰুভৰ্তি ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰাৰ পাছত ১০.৩০ বজাতহে ট্ৰাকৰ পৰা গৰু নমোৱাৰ ব্যৱস্থা কৰিছিল আৰক্ষীয়ে ৷

পুৱা ৬ বজাত গৰুভৰ্তি ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰাৰ পাছত ১০.৩০ বজাতহে ট্ৰাকৰ পৰা গৰু নমোৱাৰ ব্যৱস্থা কৰিছিল আৰক্ষীয়ে ৷

  • Share this:
বোকাখাত আৰক্ষীয়ে জব্দ কৰা অবৈধ গৰু পৰিবাহী ট্ৰাকত ৪৮টা গৰুৰ ৪৭টাৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি বোকাখাত আৰক্ষীয়ে নিজাকৈ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। সমান্তৰালভাৱে বিহৰা গৰু বজাৰৰ লেচীকো আৰক্ষী থানাত উপস্থিত হ'বলৈ নটিচ জাৰি কৰিছে ৷

উল্লেখ্য, ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা ট্ৰাক চালক মুচাৰফ হুচেইনে AS 02 E 5998  নম্বৰৰ ট্ৰাকখনত বিহৰা বজাৰৰ পৰা গৰুখিনি আনি ৰজাবাৰীৰ পৰমানন্দ দাসৰ ব্যৱসায়িক প্ৰতিষ্ঠানত দিনটো ৰখাৰ পিছত নিশা চামগুৰিৰ বিহালিলৈ নি থকা অৱস্থাত বোকাখাত আৰক্ষীয়ে নিৰ্ধাৰিত তথ্যৰ ভিত্তিত গাড়ীখন জব্দ কৰাৰ পিছত মৃত গৰুসমূহ উদ্ধাৰ হৈছিল ৷

ট্ৰাকচালকৰ হাতত বিহৰা বজাৰত গৰু ক্ৰয় কৰাৰ ৰচিদ লাভ কৰিছে আৰক্ষীয়ে ৷ ইফালে ২ বছৰ বিহৰা বজাৰ ক'ভিডৰ বাবে বন্ধ থকাত বজাৰ খোলাৰ পিছতেই কেটল পাৰ্মিট নথকা গাড়ীত পুনৰ অবৈধ গৰু সৰবৰাহ আৰম্ভ হয় ৷ মৃত গৰু সমূহ দণ্ডাধীশৰ উপস্থিতিত পুতি পেলোৱা হয়। উশাহ নাপায় গৰুবোৰৰ মৃত্যুৰ তথ্য মৰণোত্তৰ পৰীক্ষাৰ প্ৰাথমিক প্ৰতিবেদনত প্ৰকাশ পাইছে ৷

ইফালে বোকাখাত জিলা সত্ৰ মহাসভা, মহকুমা পালনাম সমিতি, বিশ্ব হিন্দু পৰিষদ, বজৰংগ দলে মহকুমাধিপতিক স্মাৰক পত্ৰ প্ৰদান কৰিছে আৰু আৰু হিন্দু ধৰ্ম অনুসৰি সমগ্ৰ বোকাখাতবাসীৰ লগতে সাধাৰণ প্ৰশাসন, আৰক্ষী প্ৰশাসন প্ৰায়চিত্ত হ'ব লাগিব বুলি দাবী কৰিছে ৷

সমান্তৰালভাৱে মহকুমাধিপতি নেহা যাদৱেও ট্ৰাকৰ ট্ৰিপাল নোখোলাৰ বাবেই গৰুসমূহৰ মৃত্যু হোৱাৰ তথ্য প্ৰকাশ কৰিছে বুলি সংগঠনকেইটাই প্ৰকাশ কৰিছে ৷ পুৱা ৬ বজাত গৰুভৰ্তি ট্ৰাকখন আৰক্ষীয়ে জব্দ কৰাৰ পাছত ১০.৩০ বজাতহে ট্ৰাকৰ পৰা গৰু নমোৱাৰ ব্যৱস্থা কৰিছিল আৰক্ষীয়ে ৷
Published by:Gautam Barman
First published: