মুখ্যপৃষ্ঠা » খবৰ

» অসম

»বিশ্বনাথত শিশু বলাৎকাৰীক ফাঁচিৰ ৰায় আদালতৰ, আলহী খাবলৈ আহি বলাৎকাৰ কৰি হত্যা কৰিছিল ৩ বছৰীয়া শিশুক

বিশ্বনাথত শিশু বলাৎকাৰীক ফাঁচিৰ ৰায় আদালতৰ, আলহী খাবলৈ আহি বলাৎকাৰ কৰি হত্যা কৰিছিল ৩ বছৰীয়া শিশুক

News18 Assam | News18-Assam
Updated:December 21, 2020, 2:36 PM IST
বিশ্বনাথত শিশু বলাৎকাৰীক ফাঁচিৰ ৰায় আদালতৰ, আলহী খাবলৈ আহি বলাৎকাৰ কৰি হত্যা কৰিছিল ৩ বছৰীয়া শিশুক
২০১৮ চনৰ ১৭ ডিচেম্বৰত বিশ্বনাথৰ ডিকৰাই চাহ বাগিচাত সংঘটিত হৈছিল ঘটনাটো৷

২০১৮ চনৰ ১৭ ডিচেম্বৰত বিশ্বনাথৰ ডিকৰাই চাহ বাগিচাত সংঘটিত হৈছিল ঘটনাটো৷

  • Share this:
আলহী হৈ আহিছিল ঘৰখনলৈ৷ সম্বন্ধত খুৰাক যদিও ফুচুলাই নি প্ৰথমতে বলাৎকাৰ আৰু তাৰ পিছত কৰিলে হত্যা৷ ২০১৮ চনৰ ১৭ ডিচেম্বৰত বিশ্বনাথৰ ডিকৰাই চাহ বাগিচাত সংঘটিত হৈছিল ঘটনাটো৷ শোণিতপুৰৰ লখৰাৰ বুঢ়াগাঁৱৰ মংগল পাইকৰ এই অমানৱীয় কাৰ্যই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য৷ অৱশেষত শিশু বলাৎকাৰকাৰী মংগলক বিশ্বনাথ চাৰিআলি অতিৰিক্ত  জিলা সত্ৰ ন্যায়াধীশৰ আদালতে আজি  ফাঁচিৰ আদেশ দিয়ে৷

জামিনত মুকলি হোৱা  শিশু বলৎকাৰ কৰি হত্যা কৰা মংগল পাইক নামৰ লোকজনৰ আজি আছিল অন্তিম ৰায়। উল্লেখযোগ্য যে ২০১৮ চনত মংগল পাইকে বলাৎকাৰ কৰি এটি ৩ বছৰীয়া শিশুক হত্যা কৰা সন্দৰ্ভত চতিয়া থানাত ২০৬/১৮ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছিল ৷

হত্যা কৰি শিশুটিক এটা পুখুৰীত পুতি থৈছিল লোকজনে ৷ শোণিতপুৰৰ লখৰা বুঢ়াগাঁৱৰ মংগল পাইক আলহী হৈ আহিছিল  বিশ্বনাথৰ দিকৰাই চাহ বাগিচাৰ শিশুটিৰ ঘৰলৈ৷ পিতৃ-মাতৃ পথাৰলৈ যোৱাৰ সময়তেই শিশুটিক ফুচুলাই নি সংঘটিত কৰিছিল দুষ্কাৰ্য৷ ঘটনাৰ পিছতেই মংগলৰ ফাঁচিৰ দাবী তুলিছিল শিশুটিৰ পৰিয়াল আৰু আত্মীয়–স্বজনে৷

অৱশেষত, অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ দীপাংকৰ বৰাৰ আদালতে পকচ' আইনৰ অধীনত আজি ঘোষণা কৰে ফাঁচিৰ ৰায়৷ ৩৭৬ (A) আৰু ৩০২ ধাৰাৰ অধীনত দিলে এই ঐতিহাসিক ৰায়দান ৷ ইফালে আদালতৰ এই ৰায়দানৰ পিছতে সকলোৱে বিচাৰিছে এই ৰায়দানে সমগ্ৰ ৰাজ্যতে এটা বাৰ্তা হিচাপে চিহ্নিত হওক৷
Published by: Sanjay Kumar Das
First published: December 21, 2020, 2:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি