• Home
  • »
  • News
  • »
  • assam
  • »
  • Manipur Landslide : মণিপুৰৰ ভূমিস্খলনত মৃতকৰ সংখ্যা ২৪লৈ বৃদ্ধি, এতিয়াও ৪৪ জন সন্ধানহীন, আছে অসমৰো কেইবাগৰাকী

Manipur Landslide : মণিপুৰৰ ভূমিস্খলনত মৃতকৰ সংখ্যা ২৪লৈ বৃদ্ধি, এতিয়াও ৪৪ জন সন্ধানহীন, আছে অসমৰো কেইবাগৰাকী

অসমৰ ৩ অভিযন্তাকে ধৰি আবদ্ধ হৈ আছে আন কেইবাগৰাকীও।

অসমৰ ৩ অভিযন্তাকে ধৰি আবদ্ধ হৈ আছে আন কেইবাগৰাকীও।

অসমৰ ৩ অভিযন্তাকে ধৰি আবদ্ধ হৈ আছে আন কেইবাগৰাকীও।

  • Share this:
মণিপুৰৰ নোনী জিলাৰ টেৰিটৰিয়েল আৰ্মী কেম্পত হোৱা বৃহৎ ভূমিস্খলনৰ ফলত মৃত্যুৰ সংখ্যা ২৪জনলৈ বৃদ্ধি পাইছে। ৰাজ্যখনৰ প্ৰশাসনিক বিষয়াসকলে শনিবাৰে কয় যে মৃতসকলৰ ভিতৰত ১৮ জন জোৱানৰ লগতে ৬গৰাকী শ্ৰমিক আছে। এতিয়ালৈকে টেৰিটৰিয়েল আৰ্মীৰ ১৩জন কৰ্মী আৰু পাঁচজন সাধাৰণ লোকক উদ্ধাৰ কৰা হৈছে, আনহাতে ৪৪ জন লোক এতিয়াও সন্ধানহীন হৈ আছে।

এই ভূমিস্খলনত অসমৰ ৫গৰাকী লোক মৃত্যুমুখত পৰাৰ লগতে ৫ জনক জীৱন্তে উদ্ধাৰ কৰা হয়। কিন্তু অসমৰ ৩ অভিযন্তাকে ধৰি আবদ্ধ হৈ আছে আন কেইবাগৰাকীও।

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে (Manipur Chief Minister N Biren Singh) শীৰ্ষ সেনা আৰু অসামৰিক বিষয়াসকলৰ সৈতে শুকুৰবাৰে দুৰ্যোগস্থলী পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ বাবে ৫ লাখ আৰু আহতসকলৰ বাবে ৫০,০০০ ক্ষতিপূৰণ ঘোষণা কৰিছে।

উল্লেখ্য, বুধবাৰে মাজনিশা মণিপুৰৰ নোনী জিলাৰ টুপুল ৰে'ল ষ্টেচনৰ ওচৰত ভাৰতীয় সেনাৰ ১০৭ টা টেৰিটৰিয়েল আৰ্মি শিবিৰৰ ওচৰত ভূমিস্খলন সংঘটিত হয় (massive landslide at a Territorial Army Camp)। ইয়াত জিৰিবাম আৰু ইম্ফলৰ মাজত এটা ৰেলপথ নিৰ্মাণ কৰাৰ বাবে এই সৈনিকসকলক নিৰাপত্তাৰ বাবে নিয়োজিত কৰা হৈছিল। ভূমিস্খলনৰ পিছৰে পৰা সাহায্য আৰু উদ্ধাৰ অভিযান চলি আছে।

ভূমিস্খলনৰ ইমানেই ভয়াবহ আছিল যে এজাই নদীৰ সুঁতিও অৱৰুদ্ধ হৈ পৰিছিল। প্ৰতিকূল পৰিস্থিতিৰ বাবে উদ্ধাৰ অভিযানৰ বাবে আৰু ২-৩ দিন সময় লাগিব বুলি জানিব পৰা গৈছে।
Published by:Gautam Barman
First published: