চিকিৎসকৰ ভূলৰ বাবে শিশুটিয়ে মৃত্যুক আঁকোৱালি লোৱাৰ সন্দেহ
চিকিৎসকৰ ভূলৰ বাবে শিশুটিয়ে মৃত্যুক আঁকোৱালি লোৱাৰ সন্দেহ
দাতাই দিলেও বিধাতাই নিদিয়ে। জন্ম হোৱা এটি নৱজাতকক ডাঙৰ দীঘল কৰিবলৈ সুবিধাই নাপালে পিতৃ–মাতৃয়ে। জন্মৰ ২৯ দিনৰ দিনাই অহা বাটেৰেই উভতি গৈছিল এটি কণমানি। চিকিৎসকৰ ভাষাত স্বাভাৱিক নাছিল শিশুটিৰ জন্ম ! বংশগত বিসংগতিৰ বাবে অস্বাভাৱিক নৱজাতকটিৰ দেহৰ গঠন !
ৰঙিয়াৰ স্বস্তি হাস্পতালৰ চিকিৎসাত শিশুটি জন্ম হোৱাৰ পিছতে দিনে দিনে অৱনতি ঘটিছিল শিশুটিৰ স্বাস্থ্য। পিছত উন্নত চিকিৎসাৰ বাবে নৱজাতকটিক ভৰ্তি কৰা হৈছিল গুৱাহাটীৰ প্ৰতীক্ষা হাস্পতালত ৷ প্ৰতীক্ষা হাস্পতালত ভৰ্তি কৰাৰ পাছতে সলনি হৈ পৰিল ঘটনাৰ প্ৰেক্ষাপট ! পোহৰলৈ আহিল বিশেষ ৰহস্য। অস্বাভাবিক নাছিল শিশুটিৰ জন্ম। স্বাভাৱিক শিশুৰ আচৰণ আছিল নৱজাতকটিৰ ৷ মাথো চিকিৎসকৰ অসাৱধানতাৰ বাবেই জন্মৰ সময়ত মূৰত আঘাত পাইছিল নৱজাতকটিয়ে ৷ যাৰ ফলত জন্মৰ পাছতে ব্ৰেইনৰ চেল সমূহ নষ্ট হৈ পৰিছিল শিশুটিৰ ৷
এই ঘটনাৰ পিছতে স্বস্তি হাস্পতালৰ চিকিৎসক হীতেন কলিতাৰ বিৰুদ্ধে পৰিয়ালৰ লোকে ৰঙিয়া থানাত ৰুজু কৰিছিল গোচৰ ৷ গোচৰৰ ভিত্তিত শনিবাৰে সমাধিস্থ নৱজাতকটিক নৱগ্ৰহ শ্মশানৰ পৰা খান্দি উলিয়াই প্ৰেৰণ কৰে মৰোনোত্তৰ পৰীক্ষাৰ বাবে ৷ চাৰিদিন পূৰ্বে নৱগ্ৰহ শ্মশানত শিশুটিক সমাধিস্থ কৰা হৈছিল। কামৰূপ মহানগৰ জিলা দণ্ডাধীশৰ উপস্থিতিত নৱগ্ৰহ শ্মশানৰ পৰা খান্দি উলিওয়া হয় মৃত শিশুটি।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|