• Home
  • »
  • News
  • »
  • assam
  • »
  • আজি বিশিষ্ট লোকসংস্কৃতিবিদ প্ৰফুল্ল দত্ত গোস্বামীৰ ২৮তম মৃত্যু বাৰ্ষিকী, ABILACত উদযাপন প্ৰফুল্ল দত্ত গোস্বামী স্মৃতি দিৱস...

আজি বিশিষ্ট লোকসংস্কৃতিবিদ প্ৰফুল্ল দত্ত গোস্বামীৰ ২৮তম মৃত্যু বাৰ্ষিকী, ABILACত উদযাপন প্ৰফুল্ল দত্ত গোস্বামী স্মৃতি দিৱস...

আজি বিশিষ্ট লোকসংস্কৃতিবিদ প্ৰফুল্ল দত্ত গোস্বামীৰ ২৮তম মৃত্যু বাৰ্ষিকী। লোক সংস্কৃতিবিদগৰাকীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰস্থিত আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থাত উদযাপন কৰা হয় প্ৰফুল্ল দত্ত গোস্বামী স্মৃতি দিৱস।

  • Share this:
অসমৰ বিশিষ্ট লোকসংস্কৃতিবিদ প্ৰফুল্ল দত্ত গোস্বামীৰ আজি ২৮তম মৃত্যু বাৰ্ষিকী। লোকসংস্কৃতিবিদগৰাকীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰস্থিত আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা, অসম চমুকৈ আবিলেক(ABILAC)ত উদযাপন কৰা হয় প্ৰফুল্ল দত্ত গোস্বামী স্মৃতি দিৱস। অসম জনকৃষ্টি সমাজ আৰু আবিলেকৰ যুটীয়া উদ্যোগত উদযাপন কৰা হয় প্ৰফুল্ল দত্ত গোস্বামী স্মৃতি দিৱস।

দিনৰ ১২ বজাৰ পৰা আৰম্ভ হোৱা স্মৃতি দিৱসৰ মুখ্য অতিথিৰূপে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড৹ ননীগোপাল মহন্ত উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিতে বিশিষ্ট লোকসংস্কৃতিবিদগৰাকীৰ আলোকচিত্ৰত পুষ্পমাল্য অৰ্পণ কৰা হয়। উল্লেখ্য যে, মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় "অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাঃ প্ৰকৃতি আৰু পৰম্পৰা" বিষয়ক স্মাৰক বক্তৃতা। এই স্মাৰক বক্তৃতাৰ বক্তাৰূপে বিষয়বস্তুৰ ওপৰত আলোকপাত কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিশিষ্ট অধ্যাপক অৱনী কুমাৰ ভাগৱতীয়ে। আজিৰ এই অনুষ্ঠানতেই আবিলেকৰ বছৰেকীয়া গৱেষণা গ্ৰন্থ আনন্দম উন্মোচন কৰা হয়। মন কৰিবলগীয়া কথা যে, আজিৰ অনুষ্ঠানটোত অসম জনকৃষ্টি সমাজৰ সভাপতি ড৹ প্ৰবীন দাস, বিশিষ্ট লোকসংস্কৃতিবিদ অধ্যাপক ড৹ কিশোৰ কুমাৰ ভট্টাচাৰ্য, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ মৃণাল বৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতি গৱেষণা বিভাগৰ মুৰব্বী অধ্যাপক ড৹ অনিল বড়ো, আবিলেকৰ সঞ্চালক ড৹ দিলীপ কলিতা, অসম জনকৃষ্টি সমাজৰ সাধাৰণ সম্পাদক তথা আবিলেকৰ সহযোগী অধ্যাপক ড৹ কৰুণাকান্ত কাকতি, পুৰণিগুদামস্থিত বিৰিঞ্চিকুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ নৃপেন চন্দ্ৰ দাস, আবিলেকৰ সহকাৰী অধ্যাপক ড৹ পলাশ কুমাৰ নাথ, প্ৰফুল্ল দত্ত গোস্বামীৰ পুত্ৰ ভাস্কৰ দত্ত গোস্বামী, অৱসৰপ্ৰাপ্ত অধ্যাপক পৰমানন্দ মজুমদাৰ, শিল্পী তথা অধ্যাপক এ.এন.এম. ইৰ্ছাদ আলীকে প্ৰমুখ্য কৰি আন বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থাকে। তেওঁলোকৰ উপৰিও অনুষ্ঠানটোত গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ শতাধিক লোক উপস্থিত থাকে।
Published by:Kokil Sarma
First published: