আজি জ্ঞানপীঠ বঁটা বিজয়ী তথা দক্ষিণ কামৰূপৰ আমৰংগা বৰিহাটৰ জিয়ৰী ডঃ মামণি ৰয়চম গোস্বামীৰ দশম মৃত্যু বাৰ্ষিকী। এই উপলক্ষে দক্ষিণ কামৰূপ ছাত্ৰ সন্থাই দিনজোৰা কাৰ্যসূচীৰে মিৰ্জা চকত আয়োজন কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ।
মিৰ্জাৰ ডঃ মামণি ৰয়চম গোস্বামী চকত আয়োজন কৰা এই শ্ৰদ্বাঞ্জলি অনুষ্ঠানত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, দক্ষিণ কামৰূপৰ বিশিষ্ট লোক তথা বিভিন্ন দল সংগঠনে জ্ঞানপীঠ বঁটা বিজয়িনী সাহিত্যিক গৰাকীক শ্ৰদ্বাঞ্জলি জনায় । উক্ত অনুষ্ঠানত কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকি ভাষণ প্ৰদান কৰি সাহিত্যিকগৰাকীৰ সৃষ্টি আৰু দৰ্শন সম্পৰ্কে আলোকপাত কৰে। আনহাতে দক্ষিণ কামৰূপ ছাত্র সন্থাই তেওঁৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ বাবে পৰৱৰ্তী সময়ত মামণি ৰয়চম গোস্বামীৰ নামত সাহিত্য বঁটা দিয়াৰো ঘোষণা কৰে।
জ্ঞানপীঠ বঁটা বিজয়ী ডঃ মামণি ৰয়চমৰ জন্মস্থান বৰিহাটতো অসমীয়া সাহিত্য চ'ৰাই পালন কৰিলে দশম মৃত্যু বাৰ্ষিকী । জ্ঞানপীঠ বঁটা বিজয়িনী তথা প্ৰথিতযশা সাহিত্যিক ডঃ মামণি ৰয়ছম গোস্বামীৰ দশম মৃত্যু বাৰ্ষিকী উপলক্ষে সোমবাৰে দক্ষিণ কামৰূপৰ আমৰাঙ্গা বৰিহাট উচ্চতম মাধ্যমিক বিদ্যালয়ত এখন আলোচনা চক্ৰৰ আয়োজন কৰা হয় । দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই অনুষ্ঠানত ডঃ মামণি ৰয়ছম গোস্বামীৰ জীৱন আৰু সাহিত্যকৃতিৰ প্ৰাসংগিকতাৰ ওপৰত আলোচনা কৰা হয় । এই আলোচনা চক্ৰত উপস্থিত থাকে ডঃ অনুৰাধা শৰ্মা পূজাৰী , প্ৰতিদিন কাকতৰ জ্যেষ্ঠ উপ সম্পাদক তপন কলিতা , আলোচক ববিতা দাস , ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা আলোচনা চক্ৰৰ সঞ্চালক চৈয়দ হাফিজ আহমেদ ।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseঅসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|