মুখ্যপৃষ্ঠা »খবৰ »অসম »Death Anniversary of Lakshminath Bezbaroa: সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৫ সংখ্যক মৃত্যু দিৱস উদযাপন

Death Anniversary of Lakshminath Bezbaroa: সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৫ সংখ্যক মৃত্যু দিৱস উদযাপন

২৬ মাৰ্চ ২০২৩ তাৰিখে সমগ্ৰ অসমৰ লগতে উৰিষ্যাৰ সম্বলপুৰস্থিত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধনা গৃহত দিন যোৰা কাৰ্যসূচীৰে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত কেন্দ্ৰীয়ভাবে ৮৫ সংখ্যক মৃত্যু দিৱস উদযাপন কৰা হয়।

  • Share this:
দেওবাৰে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৫ সংখ্যক মৃত্যু দিৱস। ২৬ মাৰ্চ ২০২৩ তাৰিখে সমগ্ৰ অসমৰ লগতে উৰিষ্যাৰ সম্বলপুৰস্থিত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধনা গৃহত দিনজোৰা কাৰ্যসূচীৰে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে ৮৫ সংখ্যক মৃত্যু দিৱস পালন কৰা হয়।

পুৱা ১০ বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সম্বলপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত অজামবৰ মহান্তি, স্মৃতি ৰক্ষা সমিতিৰ সভাপতি প্ৰদ্যুত কুমাৰ চৌধুৰীয়ে বন্তি প্ৰজ্জলন কৰে। বেজবৰুৱাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে নিৰ্মালী মহন্তই। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে, দীপক কুমাৰ পাণ্ডা, অসম চৰকাৰৰ প্ৰশাসনীয় বিষয়া ৰাকেশ আগৰৱালা, তাৰিণী পাণ্ডা সহিতে সম্বলপুৰ আৰু অসমৰ কেইবাগৰাকীও ব্যক্তি।

অনুষ্ঠানত অতিৰিক্ত উপায়ুক্তই অনাগত দিনবোৰত বেজবৰুৱাৰ তেওঁৰ স্মৃতিৰাজি সংৰক্ষণ তথা সুৰক্ষাৰ বাবে কাম কৰি যাব বুলি মন্তব্য আগবঢ়াই। আনহাতে নিৰ্মালী মহন্তই অনাগত দিনবোৰত অসমীয়া সাহিত্য আৰু ওড়িয়া সাহিত্যৰ মাজত সমন্বয়ৰ সেতু গঢ়ি তোলাৰ বাবে কাম কৰি যাব বুলি ব্যক্ত কৰে। সন্ধিয়া ৫ বজাত  সম্বলপুৰৰ বিশিষ্ট ব্যক্তি, সাহিত্যিক, সাংবাদিকৰ উপস্থিতিত ৮৫ গছি বন্তি প্ৰজ্বলনেৰে বেজবৰুৱাৰ নিৰ্মীয়মান বাসগৃহটিত অনুষ্ঠানৰ সামৰণি পৰে। অনুষ্ঠানত লক্ষ্মীনাথ বেজবৰুৱা স্মৃতিৰক্ষা সমিতিৰ সম্পাদক সহ সম্পাদক কমলেন্দ্ৰ ভৰালী সাংস্কৃতিক সম্পাদক গোপাল জালান আৰু স্বপ্নন শীল শৰ্মা উপস্থিত থাকে।

শেহতীয়া বাতৰি