গোৱালপাৰা লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা  বৰুৱা পাণ্ডেৰ আজি মৃত্যু তিথি

News18 Assam | News18-Assam
Updated:December 27, 2019, 12:33 PM IST
গোৱালপাৰা লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা  বৰুৱা পাণ্ডেৰ আজি মৃত্যু তিথি
মৃত্যু তিথিত সমগ্ৰ ৰাজ্যবাসীয়ে স্মৰণ কৰে প্ৰতিমা বৰুৱা পাণ্ডেক

মৃত্যু তিথিত সমগ্ৰ ৰাজ্যবাসীয়ে স্মৰণ কৰে প্ৰতিমা বৰুৱা পাণ্ডেক

  • News18 Assam
  • Last Updated: December 27, 2019, 12:33 PM IST
  • Share this:
গোৱালপাৰা লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা  বৰুৱা পাণ্ডেৰ আজি মৃত্যু তিথি। মৃত্যু তিথিত সমগ্ৰ ৰাজ্যবাসীয়ে স্মৰণ কৰে প্ৰতিমা বৰুৱা পাণ্ডেক। গোৱালপৰীয়া লোকগীতেৰে অসমীয়া সংগীতৰ ক্ষেত্ৰখনক সমৃদ্ধিশালী কৰা প্ৰতিমা পাণ্ডে বৰুৱাৰ জন্ম হৈছিল ১৯৩৪ চনৰ ৩ অক্টোবৰত।

সোণাৰ বৰণ পাখী, হস্তীৰ কন্যাৰ দৰে বহু কালজয়ী গীতেৰে অসমীয়া সংগীত জগতক চহকী কৰা প্ৰতিমা বৰুৱা পাণ্ডে বৰুৱাই পদ্মশ্ৰী আৰু সংগীত নাটক একাডেমী সন্মান লাভ কৰিবলৈ সক্ষয় হৈছিল। দেশৰ সংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে প্ৰতিমা পাণ্ডে বৰুৱালৈ আগবঢ়োৱা হৈছিল এই সন্মান।‘হস্তীৰ কন্যা’ প্ৰতিমা পাণ্ডে বৰুৱাৰ মৃত্যু হৈছিল ২০০২ চনৰ আজিৰ দিনটোতে। আজি মৃত্যু তিথিৰ দিনা এঅইগৰাকী মহান শিল্পীৰ সোঁৱৰণত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। গৌৰীপুৰতো আজি অনুষ্ঠিত কৰা হৈছে প্ৰতিমা পাণ্ডে বৰুৱাৰ সোঁৱৰণত বিশেষ অনুষ্ঠান। গৌৰীপুৰত বাজি উঠিল একে লগে এশ দোতোৰা।
আৰু চাওক
পৰৱৰ্তী বাতৰি