• Home
  • »
  • News
  • »
  • assam
  • »
  • Landslide at Bonda: নাৰেংগীৰ বোন্দাত ভয়ংকৰ ভূমিস্খলন, দুডাল প্ৰকাণ্ড গছ উভলি পৰে বাসগৃহৰ ওপৰত

Landslide at Bonda: নাৰেংগীৰ বোন্দাত ভয়ংকৰ ভূমিস্খলন, দুডাল প্ৰকাণ্ড গছ উভলি পৰে বাসগৃহৰ ওপৰত

এতিয়াও কেইবাডালো প্রকাণ্ড গছ অতি বিপজ্জনকভাৱে ওলমি আছে।

এতিয়াও কেইবাডালো প্রকাণ্ড গছ অতি বিপজ্জনকভাৱে ওলমি আছে।

এতিয়াও কেইবাডালো প্রকাণ্ড গছ অতি বিপজ্জনকভাৱে ওলমি আছে।

  • Share this:
নাৰেংগীৰ বোন্দাত ভয়ংকৰ ভূমিস্খলন। নাৰেংগীৰ বোন্দা কলনীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। ভূমিস্খলনত দুডাল প্ৰকাণ্ড গছ উভলি পৰে বোন্দা কলনীৰ নাৰায়ণ বৰ্মন, বিনোদ শৰ্মা আৰু ৰঞ্জিত বৰুৱা নামৰ পৰিয়ালকেইটাৰ বাসগৃহ ওপৰত। কথমপি প্ৰাণৰক্ষা পৰে দুটাকৈ পৰিয়ালৰ, কিন্তু বাসগৃহকেইটাৰ বিস্তৰ ক্ষতি হয় (Landslide at Bonda)।

ইপিনে ঘটনাস্থলীত উপস্থিত হৈছে পানীখাইতী আৰক্ষীৰ লগতে স্থানীয় গাঁওবুঢ়া।মন কৰিবলগীয়া যে উক্ত স্থানত আৰু কেইবাডালো প্রকাণ্ড প্ৰকাণ্ড গছ অতি বিপজ্জনকভাৱে ওলমি আছে। ইয়াৰ বাবে শংকিত হৈ পৰিছে পৰিয়ালকেইটাৰ লগতে স্থানীয় ৰাইজে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি