সময়সীমা ৩০জুলাই! বে–আইনীভাৱে এটকীয়া চাউল লোৱা চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে দাখিল কৰা হ’ব গোচৰ

৩০জুলাইৰ ভিতৰত চৰকাৰৰ ৰেচন কাৰ্ডসমূহ ঘুৰাই দিবলৈ চৰকাৰী কৰ্মচাৰীসমূহক আহ্বান জনোৱা হৈছে।

News18-Assam
Updated:July 19, 2019, 7:43 PM IST
সময়সীমা ৩০জুলাই! বে–আইনীভাৱে এটকীয়া চাউল লোৱা চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে দাখিল কৰা হ’ব গোচৰ
ফাইল ফটো
News18-Assam
Updated: July 19, 2019, 7:43 PM IST
হাতত মাত্ৰ কেইটামান দিন, অহা ৩০জুলাইৰ ভিতৰত বে–আইনীভাৱে চৰকাৰী ৰেচন ভোগ কৰি থকা চৰকাৰী কৰ্মচাৰীসকলে নিজৰ ৰেচন কাৰ্ডসমূহ ঘুৰাই নিদিলে তেওঁলোকৰ বিৰুদ্ধে ৰাজ্যৰ থানাই থানাই ৰুজু কৰা হ’ব গোচৰ। এই সকীয়নি দিছে সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সম্পাদক হেমন্ত কুমাৰ ডেকাই। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে দুখীয়া লোকসকলৰ বাবে প্ৰদান কৰি অহা এটকীয়া চাউল চৰকাৰী কৰ্মচাৰীৰ একাংশ পৰায়ালেও বে-আইনীভাৱে লাভ কৰি অহাৰ অভিযোগ উঠি অহাৰ সময়তে পলমকৈ হ’লেও সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাই এই চৰকাৰী কৰ্মচাৰীক শীঘ্ৰে ৰঙাঘৰলৈ পঠাই দিয়াৰ ব্যৱস্থা কৰিব বুলি সকীয়াই দিছে। 

শেহতীয়াকৈ পলাশবাৰীৰ উপৰহালীত অনুস্থিত কামৰূপ জিলাৰ সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ অধিৱেশনত উপস্থিত থাকি সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সম্পাদক হেমন্ত কুমাৰ ডেকাই এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰে। চৰকাৰী কৰ্মচাৰীসকলৰ যিসকলে এটকীয়া চাউল ভোগ কৰি বে-আইনীভাৱে চৰকাৰৰ আঁচনিখন পৰিচালিত কৰি আহিছে সেইসকলক অহা ৩০ জুলাইৰ ভিতৰত নিজৰ ৰেচন কাৰ্ড সমূহ চৰকাৰক ওভতাই দিবলৈ আহ্বান জনায় সন্থাৰ নেতাজনে।

অন্যথা ৩০ জুলাইৰ পিছত সুলভ মূল্যৰ দোকানীৰ জৰিয়তে এইসকল লোকক চিনাক্তকৰণ কৰি তেওলোকল বিৰুদ্ধে বিভিন্ন জিলাৰ থানা সমূহত সন্থাই এজাহাৰ দাখিল কৰিব বুলিও জানিবলৈ দিয়ে। লগতে যিসমূহ সুলভ মূল্যৰ দোকানীয়ে দুখীয়া ৰাইজক মাধমাৰ সোধাই দুৰ্নীতিত লিপ্ত হৈ আহিছে সেইসকল দোকানীকো উপযুক্ত তথ্য প্ৰমাণৰ ভিত্তিত উপযুক্ত শাস্তি প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে সন্থাৰ কেন্দ্ৰীয় সম্পাদক হেমন্ত কুমাৰ ডেকাই।

এই পদক্ষেপে দুখীয়া হিতাধিকাৰীসকলৰ প্ৰাপ্য সুৰক্ষিত কৰিব বুলি আশা কৰা হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি