উত্তৰ অসমত শেহতীয়াকৈ বৃদ্ধি পাবলৈ ধৰিছে অসামাজিক কাম-কাজ ৷ ড্ৰাগছ, অবৈধ অস্ত্ৰ আদিৰে ভৰি পৰিছে সমগ্ৰ অঞ্চলটো ৷ আৰক্ষীয়ে দৈনিক নতুন নতুন গোচৰত ইজনৰ পিছত সিজন আচামীক আটক কৰিছে যদিও নিত্য নতুন ঘটনা আহিছে পোহৰলৈ ৷
শনিবাৰে পুৱা বিশ্বনাথঘাটত এটা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ব্ৰহ্মপুত্ৰ নদীত উদ্ধাৰ হোৱা অচিনাক্ত মৃতদেহটোৰ পৰা উদ্ধাৰ হয় ১৯ জাই সজীৱ গুলী, ১টা মেগজিন আৰু এখন ডেগাৰ ৷ লগতে উদ্ধাৰ হৈছে চাৰিটা বেগ, পাঁচটা মোবাইল, খাদ্য সামগ্ৰী, কাপোৰ, জোতাকে আদি কৰি আন আপত্তিজনক সামগ্ৰী ৷ চাৰিটাকৈ বেগৰ ভিতৰত সুমুৱাই থোৱা আছিল আপত্তিজনক সামগ্ৰীসমূহ ৷ উমাইটুমণি নদী দ্বীপৰ পিছফালে বন বিভাগৰ বালিডুবি কেম্পৰ উপঙি থকা অৱস্থাত স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি নদী আৰক্ষী আৰু কাজিৰঙাৰ বিশ্বনাথঘাট ৰেঞ্জক খবৰ দিয়ে ৷
নাৱৰ জৰিয়তে নদী আৰক্ষীৰ দল উপস্থিত হয় ঘটনাস্থলীত ৷ আৰক্ষীৰ দলটো উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰা পিছত ঘটনাই লয় অন্য মোৰ! পলিথিন পেপাৰেৰে মেৰিয়াই থোৱা মৃতদেহটোত ওলাল আপত্তিজনক সামগ্ৰীসমূহ ৷ মৃতদেহৰ মুখ আৰু হাত দুখন ওলাই থকাৰ বিপৰীতে সমগ্ৰ শৰীৰ ঢকা আছিল পলিথিনেৰে ৷ অৱশ্যে প্ৰাৰম্ভিক পৰ্যায়ত মৃত ব্যক্তিজনৰ দেহত কোনো ধৰণৰ আঘাতৰ চিন লাভ কৰা নাই আৰক্ষীয়ে ৷
স্থানীয় ৰাইজে কোনো উগ্ৰপন্থী সংগঠনৰ সদস্য হব পাৰে বুলি সন্দেহ প্ৰকাশ কৰাৰ বিপৰীতে আৰক্ষীয়ে গঁড়ৰ চোৰাং চিকাৰৰ লগত জড়িত ব্যক্তি বুলি সন্দেহ কৰিছে ৷ নদীৰ বোৱতী সোঁতত উজনিৰ পৰা নামনিৰ দিশে উটি অহা যুৱকজনৰ মৃতদেহ এটা টাপুত গছৰ মুহাত লাগি আছিল ৷
ইতিমধ্যে আপত্তিজনক সামগ্ৰী সমূহ জব্দ কৰি বৰ্তমানলৈকে পৰিচয় লাভ নকৰা মৃতদেহটো মৰোনোত্তৰ পৰীক্ষাৰ বাবে বিহালীলৈ প্ৰেৰণ কৰা হৈছে ৷ ইফালে কোনে কিয় এই যুৱকজনক হত্যা কৰিলে আৰু উদ্ধাৰ হোৱা আপত্তিজনক সামগ্ৰীসমূহ কাৰ সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত আছে ৷