• Home
  • »
  • News
  • »
  • assam
  • »
  • মৰিয়নীত ভোগদৈ নদীৰ পানীৰ যুঁৱলিত উদ্ধাৰ দুই নৱজাতকৰ মৃতদেহ

মৰিয়নীত ভোগদৈ নদীৰ পানীৰ যুঁৱলিত উদ্ধাৰ দুই নৱজাতকৰ মৃতদেহ

ঘটনাস্থলীত মৰিয়নী আৰক্ষী উপস্থিত হৈ শিশুদুটিৰ মৃতদেহ উদ্ধাৰ কৰিছে।

ঘটনাস্থলীত মৰিয়নী আৰক্ষী উপস্থিত হৈ শিশুদুটিৰ মৃতদেহ উদ্ধাৰ কৰিছে।

ঘটনাস্থলীত মৰিয়নী আৰক্ষী উপস্থিত হৈ শিশুদুটিৰ মৃতদেহ উদ্ধাৰ কৰিছে।

  • Share this:
মৰিয়নীত দুটাকৈ নবজাতক শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। মৰিয়নী নগৰৰ ১নং ৱাৰ্ডৰ জ্যোতি নগৰৰ সমীপৰ ভোগদৈ নদীৰ পানী যুঁৱলিত স্থানীয় লোকে প্ৰত্যক্ষ কৰে নবজাতক দুটাৰ মৃতদেহ। শিশুৰ মৃতদেহ দুটাৰ লগত যোৰহাট মেডিকেল কলেজৰ এখন মৃতদেহ প্ৰতিবেদন প্ৰ–পত্ৰ উদ্ধাৰ হৈছে।

ঘটনাস্থলীত মৰিয়নী আৰক্ষী উপস্থিত হৈ শিশুদুটিৰ মৃতদেহ উদ্ধাৰ কৰিছে। যোৰহাট মেডিকেল কলেজ হাস্পতালত মৃত শিশু প্ৰসৱ হোৱা পাছত শিশু দুটিৰ মৃতদেহ কোনো লোকে নদীত পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে। আৰক্ষীৰ তদন্ততহে প্ৰকৃত সত্য পোহৰলৈ আহিব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
First published: