নিচামুক্তি কেন্দ্ৰৰ স্নানাগাৰত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱকৰ মৃতদেহ, হত্যাৰ অভিযোগ পৰিয়ালৰ

News18 Assam | News18-Assam
Updated:June 24, 2020, 5:30 PM IST
নিচামুক্তি কেন্দ্ৰৰ স্নানাগাৰত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱকৰ মৃতদেহ, হত্যাৰ অভিযোগ পৰিয়ালৰ
প্ৰতিমাহে ৯৭০০টকাৰ বিনিময়ত উক্ত NGOটোত পৰিয়ালে ৰাখিছিল যদিও বিভিন্ন সময়ত অত্যাচাৰ চলাই অহাৰ অভিযোগ।

প্ৰতিমাহে ৯৭০০টকাৰ বিনিময়ত উক্ত NGOটোত পৰিয়ালে ৰাখিছিল যদিও বিভিন্ন সময়ত অত্যাচাৰ চলাই অহাৰ অভিযোগ।

  • Share this:
ডিব্ৰুগড়ত পুনৰ চাঞ্চল্য। ‘প্ৰত্যাৱৰ্তন’ নামৰ নিচামুক্তি কেন্দ্ৰত জ্যোতিস্মান বৰুৱা নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ। যুৱক জনৰ ঘৰ ঘিলামৰাত। যুৱকজনক হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ।

ডিব্ৰুগড়ৰ মিলন নগৰ ‘O’ গলিৰ প্ৰত্যাৱৰ্তন নামৰ নিচামুক্তি কেন্দ্ৰটোত চিকিৎসাধীন যুৱকৰ ৰহস্যজনক ভাৱে  প্ৰাণ গ'ল। কেন্দ্ৰটোৰ বাথৰূমত সন্দেহজনক ভাৱে উদ্ধাৰ মৃতদেহ, যাক লৈ এইয়া হত্যাকাণ্ড বুলিয়েই ক'ব খুজিছে পৰিয়ালৰ লোকে।

মৃতদেহটো বাথৰূমৰ ভিতৰত এখন গামোচাৰে বান্ধি বহাই থোৱা অৱস্থাত উদ্ধাৰ।


লক্ষীমপুৰ জিলাৰ ঘিলামৰা গোবিন্দ পুৰ তনুৰাম বৰুৱাৰ পুত্ৰ জ্যোতিস্মান নিচা মুক্তি কেন্দ্ৰটোৰ পৰা ৩০ জুনত সুস্থ হৈ নিজ গৃহলৈ উভতি যোৱাৰ কথা আছিল।  প্ৰায় ২০ বছৰীয়া যুৱক জ্যোতিস্মানৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। ইতিমধ্যে ন্যায় বিচাৰি পৰিয়াল কাষ চাপিছে আৰক্ষীৰ।
ইফালে নিচা মুক্তি কেন্দ্ৰৰ কৰ্তৃপক্ষৰ মতে ডিঙিত চিপ লগা অৱস্থাত স্নানাগাৰত উদ্ধাৰ হৈছিল মৃতদেহটো। গহপুৰৰ যুৱকজন বিগত ডিচেম্বৰৰ পৰা নিচা মুক্তি কেন্দ্ৰটোত আছিল।প্ৰতিমাহে ৯৭০০টকাৰ বিনিময়ত উক্ত NGOটোত পৰিয়ালে ৰাখিছিল যদিও বিভিন্ন সময়ত অত্যাচাৰ চলাই অহাৰ অভিযোগ।

চিকিৎসাৰ নামত অত্যাধিক মাৰ-ধৰ কৰাৰ অভিযোগত NGO টোৰ পৰা পূৰ্বে ৪০ জন  যুৱকে পলায়ন কৰা লগতে কেইবাজন গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হৈছিল। আনহাতে ডিব্ৰুগড়ৰ আনএটা নিচামুক্তি কেন্দ্ৰত পূৰ্বে এনেদৰে আন এজন আৱাসীও মৃত্যুমুখত পৰিছিল।

নিচামুক্তিৰ নামত এনেদৰে লাখ লাখ টকা পৰিয়াল তথা ভুক্তভোগীৰ পৰা সংগ্ৰহ কৰি লুণ্ঠন চলোৱাৰ অভিযোগৰ মাজতে নিচাসক্তক সুস্থ কৰি তোলাৰ বিপৰীতে হত্যা কৰা অভিযোগক লৈ ডিব্ৰুগড়ত এতিয়া সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। প্ৰশাসন তথা চৰকাৰক এনে NGO সমুহৰ বিৰুদ্ধে নাকী লগোৱাৰ বাবে দাবী উৎপাদন কৰিছে।
First published: June 24, 2020, 5:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading