• Home
  • »
  • News
  • »
  • assam
  • »
  • লগ ধৰি‍বলৈ গৈছিল প্ৰেমিকাক, কিন্তু যুৱকৰ মৃতদেহ উদ্ধাৰ হ'ল তামুলপুৰৰ পাহাৰত, প্ৰেমিকাৰ পৰিয়ালৰ প্ৰতি সন্দেহৰ আঙুলি

লগ ধৰি‍বলৈ গৈছিল প্ৰেমিকাক, কিন্তু যুৱকৰ মৃতদেহ উদ্ধাৰ হ'ল তামুলপুৰৰ পাহাৰত, প্ৰেমিকাৰ পৰিয়ালৰ প্ৰতি সন্দেহৰ আঙুলি

প্ৰেমিকাৰ পৰিয়ালৰ লোকে যুৱকজনক আটক কৰি মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগো উঠিছে।

প্ৰেমিকাৰ পৰিয়ালৰ লোকে যুৱকজনক আটক কৰি মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগো উঠিছে।

প্ৰেমিকাৰ পৰিয়ালৰ লোকে যুৱকজনক আটক কৰি মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগো উঠিছে।

  • Share this:

প্ৰেমেই কাল হ'ল বাক্সাৰ তামুলপুৰৰ এজন যুৱকৰ বাবে। তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ পাহাৰত উদ্ধাৰ হৈছে ১১ দিনে নিৰুদ্দেশ হৈ থকা যুৱকৰ অৰ্ধগলিত মৃতদেহ। যোৱা ২৭ তাৰিখৰ পৰা বাক্সাৰ তামুলপুৰৰ মেনকা চাহ বাগিচাৰ পৰা সন্ধানহীন হৈ থকা বিষ্ণু মগৰ নামৰ যুৱকজনৰ কালি ৰহস্যজনকভাৱে মৃতদেহ উদ্বাৰ হোৱাৰ পিছতে সৃষ্টি হৈছে চাঞ্চল্য। উল্লেখ যে যোৱা ২৭ জুন তাৰিখে বিষ্ণু মগৰ নামৰ যুৱকজনে তেওঁৰ প্ৰেমিকাক নিশা গোপনে লগ ধৰিবলৈ আহোঁতে প্ৰেমিকাৰ পৰিয়ালৰ লোকে যুৱকজনক আটক কৰি মানসিক অত্যাচাৰ চলোৱাৰ লগতে ম'বাইল ফোন কাঢ়ি লৈ ঘৰলৈ যাব দিয়াৰ অভিযোগ উত্থাপন হৈছে।


কিন্তু পিছদিনা পুৱা লৈ যুৱকজন নিজ ঘৰলৈ উভতি নোযোৱা বাবে চিন্তিত হৈ পৰে পৰিয়ালৰ লোক। অৱশেষত পৰিয়ালৰ লোকে ঘটনা সম্পৰ্কে জানিব পাৰি এজাহাৰ দাখিল কৰে কুমাৰীকাটা আৰক্ষী চকীত। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ সময়তে ১১ দিনৰ অন্তত অৰ্থাৎ বুধবাৰে আবেলি ভাৰত-ভূটান সীমান্তৰ দুৰ্গম পাহাৰৰ সু-উচ্চত চিপ লৈ থকা অৰ্ধগলিত মৃতদেহ পৰি থকা বুলি স্থানীয় লোকে আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো বিষ্ণু মগৰৰ বুলি চিনাক্ত কৰাৰ পিছতে ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে সমগ্ৰ ঘটনা।


বিষ্ণু মগৰৰ পৰিয়াল আৰু আটছাৰ মতে এয়া আছিল এক পৰিকল্পিত হত্যাকাণ্ড। বিষ্ণু মগৰৰ প্ৰেয়সীৰ পৰিয়ালৰ লোকে বিষ্ণু মগৰক হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে তদন্তৰ বাবে আৰক্ষীয়ে আটক কৰিছে ৰাজদীপ দাস, ভণ্ড গৌৰ, বিকি দেউৰী, জুহাল সৰকাৰ নামৰ যুৱক চাৰিজনক। সম্পূৰ্ণ পৰিকল্পিতভাৱে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়াল তথা আটছাৰ বিষয়ববীয়াসকলে।


ইতিমধ্যে ঘটনাৰ তদন্তৰ বাবে মৃতদেহ উদ্ধাৰ হোৱা ঠাইত আজি উপস্থিত হয় আৰক্ষীৰ উচ্চপদস্থ বিষয়া। ঘটনাৰ সৈতে জড়িত প্ৰতিজন লোকক কঠোৰ শাস্তি বিহিবলৈ ইতিমধ্যে অনুৰোধ জনাইছে পৰিয়াল তথা আটছাৰ জিলাৰ বিষয়-ববীয়াসকলে। অৱশ্যে তদন্তৰ পিছতে পোহৰলৈ আহিব এয়া হত্যা নে আত্মহত্যা।

Published by:Gautam Barman
First published: