নিমাতীঘাত নাও দুর্ঘটনাৰ পিছতে সন্ধানহীন হৈ থকা ডাঃ বিক্ৰমজিৎ বৰুৱাক লৈ কৌতূহল চলি থকাৰ মাজতে আজি দক্ষিণ মাজুলীৰ ভেকেলী চাপৰিত প্ৰত্যক্ষ কৰা গৈছে এটা মৃতদেহ। উদ্ধাৰ হোৱা এই মৃতদেহটো ডাঃ বিক্ৰমজিৎ বৰুৱাৰ বুলি সন্দেহ কৰা হৈছে।
অৱশ্যে এতিয়াও মৃতদেহটো চিনাক্ত হোৱা নাই। স্থানীয় লোকে মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিয়ে প্ৰশাসনক। NDRF, SDRFৰ দল ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা হৈছে।
পিন্ধি থকা কাপোৰ আৰু হাতত থকা টাটুলৈ চাই এয়া বিক্ৰমজিৎ বুলি সন্দেহ কৰা হৈছে। মৃতদেহৰ পিন্ধনত আছিল নীলা টিছাৰ্ট আৰু ক'লা পেণ্ট। প্ৰায় উৱলি গৈছে উদ্ধাৰ হোৱা মৃতদেহটো।
উল্লেখ্য, মাজলীৰ গড়মূৰ চিকিৎসালয়ৰ চিকিৎসক আছিল ডাঃ বিক্ৰমজিৎ বৰুৱা। নাও দুৰ্ঘটনাত ইতিমধ্যে মৃত্যুমুখত পৰাসকলৰ মৃতদেহ উদ্ধাৰ হৈছিল যদিও বৰুৱাৰ কোনো সন্ধান পোৱা হোৱা নাছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|