গুৱাহাটীৰ হোটেলত উদ্ধাৰ যোৰহাটৰ এজনৰ মৃতদেহ

বৃহস্পতিবাৰে হোটেলৰ কোঠা বুক কৰিছিল লোকজনে। নিজকে শিক্ষক বুলি পৰিচয় দি বুক কৰিছিল হোটেলৰ কোঠা।

news18assam
Updated:June 7, 2019, 12:59 PM IST
গুৱাহাটীৰ হোটেলত উদ্ধাৰ যোৰহাটৰ এজনৰ মৃতদেহ
বৃহস্পতিবাৰে হোটেলৰ কোঠা বুক কৰিছিল লোকজনে। নিজকে শিক্ষক বুলি পৰিচয় দি বুক কৰিছিল হোটেলৰ কোঠা।
news18assam
Updated: June 7, 2019, 12:59 PM IST
গুৱাহাটীৰ গণেশগুৰিৰ ‘হোটেল কোঠালী’ত চাঞ্চল্যকৰ ঘটনা। হোটেলখনৰ ১০নং কোঠাত উদ্ধাৰ হৈছে এজন লোকৰ মৃতদেহ। মৃত লোকজন যোৰহাটৰ জিতুমণি দাস। বৃহস্পতিবাৰে হোটেলৰ কোঠা বুক কৰিছিল লোকজনে। নিজকে শিক্ষক বুলি পৰিচয় দি বুক কৰিছিল হোটেলৰ কোঠা। আজি ৰহস্যজনকভাৱে উদ্ধাৰ হয় লোকজনৰ মৃতদেহ। ভিতৰৰ পৰা বন্ধ আছিল লোকজনে বুক কৰা কোঠাটো। মজিয়াত তলমুৰ হৈ পৰি আছে মৃতদেহটো। লোকজনৰ সৈতে উদ্ধাৰ হোৱা নথি–পত্ৰৰ পৰা জানিব পৰা মতে, গড়কাপ্টানী বিভাগৰ কনিষ্ঠ অভিযন্তা জিতুমণি দাস।

আৰু চাওক পৰৱৰ্তী বাতৰি