শনিবাৰে মহানগৰীৰ পাণ্ডুৰ ল'ক কলনিত উদ্ধাৰ হয় এটা মৃতদেহ ৷ পথৰ কাষত বিকি সূএধাৰ নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰৰ পিছতে সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ স্থানীয় ৰাইজে সন্দেহ কৰাৰ মতে, অঞ্চলটোত পৰিত্যক্ত অৱস্থাত থকা ৰেলৱে’ ৱৰ্কশ্বপটোতে সংঘটিত হৈছে হত্যাকাণ্ড। ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।
অভিযোগ অনুসৰি, সন্ধিয়া হ’লেই অঞ্চলটোত থকা পৰিতক্ত ৰেলৱে’ ৱৰ্কশ্বপলৈ আহে বিভিন্ন নিচাসক্ত যুৱক যুৱতী ৷ সন্ধিয়া হ’লেই জয়াল হৈ পৰে অঞ্চলটোৰ পৰিবেশ৷ নিচাসক্ত যুৱক যুৱতীয়ে বাহৰ পাতে পৰিত্যক্ত ৰেলৱে’ ৱৰ্কশ্বপটোত ৷ কোনো স্থানীয় লোকে বাধা দিলে বিভিন্ন ধৰণৰ অভৱ্য আচৰণ কৰাৰ লগতে ঘৰে ঘৰে গৈ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিলে অঞ্চলবাসীয়ে ৷
এতিয়া একাংশ নিচাসক্ত যুৱকেই নিশা বিকি সূত্ৰধাৰ নামৰ স্থানীয় যুৱকজনক হত্যা কৰিলে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। মৃত বিকিৰ পিতৃৰ ভাষ্য মতে, নিশা অট’লৈ যোৱা দুই যুৱকে নিশা ঘৰৰ পৰা লৈ গৈছিল বিকিক ৷ আৰু তাৰ পিছতে সন্ধানহীন হৈ পৰে বিকি। আৰু অৱশেষত শনিবাৰে পুৱা বিকিৰ মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় কেইজনমান লোকে।
এতিয়া ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। স্নিফাৰ ড’গৰ সহায়ত অভিযান চলাই সোধপোচৰ বাবে আটক কৰিছে দুজনকৈ লোকক ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|