• Home
  • »
  • News
  • »
  • assam
  • »
  • Funeral on Road : হৃদয় বিদাৰক ঘটনা! চাৰিওফালে বানপানী, কলৰ ভূঁৰত নি পথৰ ওপৰতে সৎকাৰ মৃতদেহ

Funeral on Road : হৃদয় বিদাৰক ঘটনা! চাৰিওফালে বানপানী, কলৰ ভূঁৰত নি পথৰ ওপৰতে সৎকাৰ মৃতদেহ

দেৰগাৱঁৰ শলমাৰীৰ তিপাই শইকীয়া নামৰ ব্যক্তিজনৰ মৃত্যুৰ পিছত এতিয়া পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থা। শ্ৰাদ্ধ তথা অন্য সকাম আদি কৰিবলৈও বিমোৰত পৰিছে পৰিয়ালটো।

  • Share this:
ৰাজ্যৰ কিছু অঞ্চলত এতিয়া ভদীয়া বানৰ সংহাৰী ৰূপ। এনে সময়তে দেৰগাৱঁত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। ওখ ঠাইৰ অভাৱতপথৰ ওপৰতে মৃতদেহ সৎকাৰ কৰিবলৈ বাধ্য হ'ল ৰাইজ।

দেৰগাৱঁৰ শলমাৰীত এজন লোকৰ মৃত্যুৰ পিছতে দেখা গৈছে এই হৃদয়বিদাৰক দৃশ্য। ঘৰৰ চাৰিওফালে কেৱল পানী আৰু পানী। যাৰ বাবে মৃতদেহ সৎকাৰ কৰিবলৈও এডোখৰ শুকান ঠাইৰ অভাৱ। অৱশেষত কলৰ ভূঁৰেৰে শুকান ঠাই বিচাৰি লৈ গৈছিল মৃতদেহটো। কিন্তু ক'তো এডোখৰ শুকান ঠাই নোপোৱাত এটা পথৰ ওপৰতে সৎকাৰ কৰা হয় মৃতদেহটো।

এই হৃদয় বিদাৰক ঘটনাই চকু সেমেকাই তুলিছে সকলোৰে । দেৰগাৱঁৰ শলমাৰীৰ তিপাই শইকীয়া নামৰ ব্যক্তিজনৰ মৃত্যুৰ পিছত এতিয়া পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থা। শ্ৰাদ্ধ তথা অন্য সকাম আদি কৰিবলৈও বিমোৰত পৰিছে পৰিয়ালটো। কাৰণ বানৰ পৰা বাছি আছে কেৱল ঘৰৰ ভেটিটোহে। ঘৰৰ চৌপাশত কেৱল পানী আৰু পানী।
Published by:Manjumoni Borah
First published: