• Home
  • »
  • News
  • »
  • assam
  • »
  • Dead Leopard Rescued Nazira: নাজিৰাৰ মঠীয়াছিগাত মৃত নাহৰফুটুকী বাঘ উদ্ধাৰ

Dead Leopard Rescued Nazira: নাজিৰাৰ মঠীয়াছিগাত মৃত নাহৰফুটুকী বাঘ উদ্ধাৰ

নাজিৰাৰ মঠিয়াছিগা অঞ্চলত আৰু বহু বাঘ থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

নাজিৰাৰ মঠিয়াছিগা অঞ্চলত আৰু বহু বাঘ থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

নাজিৰাৰ মঠিয়াছিগা অঞ্চলত আৰু বহু বাঘ থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

  • Share this:
শিৱসাগৰ জিলাৰ নাজিৰাৰ মঠীয়াছিগা আচলাপথাৰত মঙলবাৰে বিয়লি এটা মৃত নাহৰফুটুকী বাঘ উদ্ধাৰ হয়৷  স্থানীয় ৰাইজে ৰাতিপুৱা দুৰ্গন্ধ পোৱাৰ পিছত মৃত নাহৰফুটুকী বাঘটো প্ৰত্যক্ষ কৰি বন বিভাগৰ লোকক অৱগত কৰে(Dead leopard rescued)।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত বন বিভাগ উপস্থিত হৈ মৃত নাহৰফুটুকী বাঘটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰৰ পশু চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মৃত নাহৰফুটুকী বাঘটো এটি মাইকী নাহৰ ফুটুকী বাঘ বুলি বন বিভাগে জানিবলৈ দিয়ে ।

নাহৰফুটুকীটোৰ  দেহত কোনোধৰণৰ আঘাতৰ চিন নাই। উল্লেখযোগ্য যে পূৰ্বেও উক্ত স্থানত বন বিভাগৰ পিঞ্জৰাত এটা প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ হৈছিল। বৰ্তমানো নাজিৰাৰ (Nazira) মঠিয়াছিগা অঞ্চলত আৰু বহু বাঘ থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। অঞ্চলটোত বিগত বহুদিন ধৰি সন্ত্ৰাস চলাই আহিছিল বাঘে।
Published by:Gautam Barman
First published: