২৫ আগষ্টত হাইলাকান্দিৰ অগ্নিনিৰ্বাপক বাহিনীৰ এজন জোৱানৰ এটা ম’বাইল ফোন চুৰি হয়। জোৱানসকলে নিজাকৈ অনুসন্ধান কৰি চুৰিৰ অভিযোগত চানপুৰ গাঁৱৰ যুৱক ৰহিম উদ্দিনক ঘৰৰ পৰা উঠাই নিয়ে।
২৫ আগষ্টত হাইলাকান্দিৰ অগ্নিনিৰ্বাপক বাহিনীৰ এজন জোৱানৰ এটা ম’বাইল ফোন চুৰি হয়। জোৱানসকলে নিজাকৈ অনুসন্ধান কৰি চুৰিৰ অভিযোগত চানপুৰ গাঁৱৰ যুৱক ৰহিম উদ্দিনক ঘৰৰ পৰা উঠাই নিয়ে।
কিছুদিন পূৰ্বে হাইলাকান্দিৰ চানপুৰ গাঁৱৰ ৰহিম উদ্দিন লস্কৰ নামৰ যুৱকজনে অগ্নিনিৰ্বাপক বাহিনীৰ এজন জোৱানৰ এটা ম’বাইল ফোন চুৰি কৰাৰ অভিযোগ উত্থাপিত হৈছিল। পিছে অগ্নিনিৰ্বাপক বাহিনীৰ লোকে চোৰটোক কৰায়ত্ত কৰি নি মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল। যাক লৈ সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠিচাৰ্জৰ লগতে কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হৈছিল।
একাংশ স্থানীয় লোকে মৃত্যু হোৱা বুলি দাবী কৰা এই ৰহিম উদ্দিন লস্কৰ আজি কৰিমগঞ্জ আৰক্ষীৰ হাতত ধৰা পৰে। কৰিমগঞ্জৰ কানিশাইলৰ পৰা বেটাৰী চুৰিৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰহিম উদ্দিনক।
উল্লেখযোগ্য যে ২৫ আগষ্টত হাইলাকান্দিৰ অগ্নিনিৰ্বাপক বাহিনীৰ এজন জোৱানৰ এটা ম’বাইল ফোন চুৰি হয়। জোৱানসকলে নিজাকৈ অনুসন্ধান কৰি চুৰিৰ অভিযোগত চানপুৰ গাঁৱৰ যুৱক ৰহিম উদ্দিনক ঘৰৰ পৰা উঠাই নিয়ে। যুৱকজনক উত্তম–মধ্যম শোধাই হাইলাকান্দিৰ এছ কে ৰয় অসামৰিক হাস্পতালত ভৰ্তি কৰোৱা হয়। পিছত উন্নত চিকিৎসাৰ বাবে ৰহিম উদ্দিনক শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়।
কিন্তু নিশা হাস্পতালত ৰহিম উদ্দিনৰ মৃত্যু হোৱা বুলি উৰাবাতৰি বিয়পাই দিয়ে পৰিয়ালৰ লগতে একাংশ স্থানীয় লোকে। তাৰ পিছতে একাংশ লোকে অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয় ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ মোতায়েন কৰিবলগীয়া হয় আৰক্ষী আৰু চি আৰ পি এফ বাহিনী। উত্তেজিত ৰাইজে আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে। যাৰ ফলত আৰক্ষীয়ে লাঠিচাৰ্জ আৰু কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হয়।
শিলগুটি নিক্ষেপৰ ফলত আহত হয় অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকাসহ কেইবাজনো আৰক্ষী জোৱান। কিন্তু আচৰিতভাৱে ৰাইজে মৃত্যু হোৱা বুলি দাবী কৰা ৰহিম উদ্দিন লস্কৰক মঙলবাৰে কৰিমগঞ্জত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
বেটাৰী চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৰহিম উদ্দিনে আৰক্ষীৰ জেৰাত চিকিৎসালয়ৰ পৰা পলায়ন কৰাকে ধৰি অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানৰ ম’বাইল চুৰি কৰি ক’ত বিক্ৰী কৰিছিল সকলো কথা স্বীকাৰ কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|