কামপুৰত আৰক্ষীৰ ভয়ত নদীত জাপ মাৰি সন্ধানহীন হোৱা চি আই এছ এফৰ জোৱানৰ মৃতদেহ উদ্ধাৰ

News18 Assam | News18-Assam
Updated:September 14, 2020, 6:31 PM IST
কামপুৰত আৰক্ষীৰ ভয়ত নদীত জাপ মাৰি সন্ধানহীন হোৱা চি আই এছ এফৰ জোৱানৰ মৃতদেহ উদ্ধাৰ
সোমবাৰে পুৱা কামপুৰৰ বগলাজানত সন্ধানহীন চি আই এছ এফ জোৱানজনৰ মৃতদেহ উদ্ধাৰ হয়।

সোমবাৰে পুৱা কামপুৰৰ বগলাজানত সন্ধানহীন চি আই এছ এফ জোৱানজনৰ মৃতদেহ উদ্ধাৰ হয়।

  • News18 Assam
  • Last Updated: September 14, 2020, 6:31 PM IST
  • Share this:
কামপুৰৰ তেতেলিসৰাত শনিবাৰে নিশা সংঘটিত হয় এক অঘটন। আৰক্ষীৰ ভয়ত  নদীত জাপ মাৰি সন্ধানহীন হৈছিল চি আই এছ এফৰ এজন জোৱান। উল্লেখযোগ্য যে, শনিবাৰে নিশা পশ্চিম তেতেলিসৰাৰ শিৱ মন্দিৰত কেইজনমান যুৱক একগোট হৈ থকা অৱস্থাতে কামপুৰ আৰক্ষীৰ টহলদাৰী দল এটা আহি উপস্থিত হোৱাত  আৰক্ষীৰ ভয়ত পলায়ন কৰিবলৈ যুৱক কেইজনে জাপ দিছিল নিশাৰী নদীত। আৰু নদীত জাপ দিয়াৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল দেৱাশিস দাস নামৰ চি আই এছ এফত কৰ্মৰত জোৱানজন।

জোৱানজন সন্ধানহীন হোৱাৰ পিছতেই উত্তপ্ত হৈ পৰিছিল সমগ্ৰ অঞ্চলটো। ইপিনে দেওবাৰে পুৱাই আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে সন্ধানহীন যুৱকজনৰ সন্ধানত এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ দলে নিশাৰী নদীত উদ্ধাৰ অভিযান চলাছিল। কিন্তু দিনটোৰ অভিযানৰ অন্ততো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল সন্ধানহীন জোৱানজনক।

অৱশেষত সোমবাৰে পুৱা কামপুৰৰ বগলাজানত সন্ধানহীন চি আই এছ এফ জোৱানজনৰ মৃতদেহ উদ্ধাৰ হয়। শনিবাৰে নিশাৰ পৰাই সন্ধানহীন হৈ আছিল চি আই এছ এফৰ জোৱান দেৱাশিস দাস। সোমবাৰে নৈত ওপঙি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে দেৱাশিসৰ মৃতদেহ। দেৱাশিসৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় সমগ্র অঞ্চলজুৰি। স্থানীয় ৰাইজে দেৱাশিসৰ মৃত্যুক সহজভাৱে মানি ল’ব পৰা নাই। এই ক্ষেত্ৰত এক উচিত তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে।
Published by: Sanjay Kumar Das
First published: September 14, 2020, 6:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading