সোমবাৰৰ পুৱাৰ ভাগৰ পৰাই চিকিৎসালয়ৰ বাহিৰত পৰি থাকিল কোভিডত মৃত্যু হোৱা মহিলাৰ মৃতদেহ। দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত ৩০খন বিছনাযুক্ত গ্ৰাম্য চিকিৎসালয়ৰ বাহিৰত সোমবাৰে পুৱা ছয় বজাৰ পৰা প্ৰায় ১০ ঘণ্টা ধৰি পৰি থাকিল এগৰাকী কোভিড আক্ৰান্ত মহিলাৰ মৃতদেহ। পলাশবাৰী হুদুমপুৰ গাঁৱৰ সৰোজিনী কলিতা নামৰ কোভিড আক্ৰান্ত মহিলাগৰাকী ঘৰতে থকা অৱস্থাত সোমবাৰে পুৱাই বেছি অসুস্থ হৈ পৰাত ততাতৈয়াকৈ মিৰ্জাস্থিত ৩০খন বিছনাযুক্ত গ্ৰাম্য চিকিৎসায়লৈ অনা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
ইয়াৰ পিছতে চিকিৎসালয়ৰ বাহিৰত ৰাতিপুৱাৰ পৰা প্ৰায় ১০ ঘণ্টা ধৰি মৃতদেহৰ একো ব্যৱস্থা গ্ৰহণ নকৰিলে। উপায়হীন হৈ দুখীয়া পৰিয়ালটোৱে একো কৰিব নোৱাৰি কেৱল চিকিৎসালয় কৰ্তৃপক্ষ তথা কামৰূপ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব বুলিয়েই ৰৈ থাকিল। কিন্তু পুৱাই মৃত ঘোষণা কৰিয়েই দায়সৰা চিকৎসালয় কৰ্তৃপক্ষ তথা কামৰূপ জিলা প্ৰশাসনে মৃতদেহটো বাহিৰত উলিয়াই থোৱাৰ বাহিৰে একো গুৰুত্ব প্ৰদান নকৰা তথা সৎকাৰৰ কোনো ব্যৱস্থা গ্রহণ নকৰাৰ গুৰুতৰ অভিযোগ তুলিছে পৰিয়াল তথা স্থানীয় ৰাইজে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|