শুক্ৰেশ্বৰৰ মন্দিৰৰ সমীপত মৃতদেহ উদ্ধাৰ। মৃতদেহটো নৈত উটি অহা অৱস্থাত প্ৰত্যক্ষ কৰে এগৰাকী লোকে। প্ৰত্যক্ষ কৰা লোকগৰাকীয়ে নৈ পাৰলৈ লৈ আহে মৃতদেহটো।
সন্দেহ কৰা মতে, ব্ৰহ্মপুত্ৰৰ পাৰত গা ধুবলৈ যোৱা অৱস্থাত মৃত্যু হয় লোকজনৰ। ব্যক্তিগৰাকীৰ পৰিচয় এই পৰ্যন্ত জানিব পৰা হোৱা নাই।
মৃত ব্যক্তিগৰাকীৰ আনুমানিক বয়স প্ৰায় ৪০ৰ ঊৰ্ধ্বৰ বুলি অনুমান কৰা হৈছে। স্থানীয় লোকৰ সন্দেহ অনুসৰি সম্ভৱতঃ দুই এদিন পূৰ্বে মৃত্যু হৈছে লোকজনৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।