• Home
  • »
  • News
  • »
  • assam
  • »
  • Body Found: বাঘ খেদিবলৈ গৈ উভতি নাহিল বিজয়, বাগিছাৰ মাজত ওলাল বিজয়ৰ অৰ্ধ গলিত মৃতদেহ

Body Found: বাঘ খেদিবলৈ গৈ উভতি নাহিল বিজয়, বাগিছাৰ মাজত ওলাল বিজয়ৰ অৰ্ধ গলিত মৃতদেহ

Body Found: বাঘ খেদিবলৈ গৈ নিৰুদ্দেশ হোৱা বিজয় গোৱালা নামৰ লোকজনৰ অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ বিহালীত।

  • Share this:
বিহালীৰ বিভিন্ন স্থানত দীৰ্ঘদিন ধৰি বাঘৰ আতংক অব্যাহত আছে । কিন্তু তাৰ মাজতে বাঘ খেদিবলৈ গৈ নিৰুদ্দেশ হোৱা বিজয় গোৱালা নামৰ লোকজনৰ অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ বিহালীত। এখন ব্যক্তিগত চাহ বাগিছাত উদ্ধাৰ হৈছে বিজয়ৰ মৃতদেহ ।

জানিব পৰা মতে লোকজনে ২০ দিনমান পূৰ্বে বিহালীৰ বৰাজুলী গাঁৱত বাঘে আতংকময় পৰিবেশৰ সৃষ্টি কৰিছিল আৰু সেই সময়ত নিজৰ পৰিয়ালক ঘৰৰ ভিতৰত থাকিবলৈ কৈ বাঘ খেদিবলৈ গৈ নিৰুদ্দেশ হৈছিল ৷ পৰবৰ্তী সময়ত লোকজনক পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰি আত্মীয় স্বজনক খবৰ লোৱাৰ পাছতো সন্ধান পোৱা নাছিল। কিন্তু হঠাৎ নিৰুদ্দেশ হোৱা লোকজনৰ এখন চাহ বাগিছাৰ মাজত অৰ্ধ গলিত অবস্থাত মৃতদেহ উদ্ধাৰ হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ বিহালীত।

মৃতদেহটো মুণ্ড বিহীন ভাবে বাগিচাখনত অৰ্ধ গলিত অবস্থাত উদ্ধাৰ হোৱাত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। বিহালীত বহু দিনৰ পৰাই বাঘে পশু ধন আক্ৰমণ কৰি আহিছিল যদিও আজিকোপতি বন বিভাগৰ লোকে পিঞ্জৰাবদ্ধ কৰাত হৈছে বিফল । ইতিমধ্যে  আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে লোকজনৰ মৃত্যুৰ প্ৰকৃত ৰহস্য পোহৰলৈ অনাৰ বাবে তদন্ত অব্যাহত ৰাখিছে ৷
Published by:Manjumoni Borah
First published: