
দশমীৰ পুৱা নগাঁৱৰ মাজআটিৰ সমীপৰ কলং নৈত উদ্ধাৰ হৈছিল নেগীৰ মৃতদেহ।
দশমীৰ পুৱা নগাঁৱৰ মাজআটিৰ সমীপৰ কলং নৈত উদ্ধাৰ হৈছিল নেগীৰ মৃতদেহ।
পৰিচয় ওলাল দশমীৰ পুৱা নগাঁৱত উদ্ধাৰ হোৱা অচিনাক্ত মৃতদেহৰ। মৃত ব্যক্তিগৰাকী হিমাচল প্ৰদেশৰ পৰবিন্দৰ কুমাৰ নেগী বুলি জানিব পৰা গৈছে। অৰুণাচল প্ৰদেশত ITBPৰ জোৱান হিচাপে কৰ্মৰত আছিল নেগী।
নগাঁৱৰ এগৰাকী মহিলাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল নেগী। পত্নী গৰ্ভৱতী হোৱাৰ বাবে খবৰ ল'বলৈ আহিছিল নেগী। কিন্তু নৱমীৰ নিশাৰ পৰা সন্ধানহীন হৈ আছিল নেগী।
দশমীৰ পুৱা নগাঁৱৰ মাজআটিৰ সমীপৰ কলং নৈত উদ্ধাৰ হৈছিল নেগীৰ মৃতদেহ। নেগীৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|