মহানগৰীৰ ধাৰাপুৰ চাৰিআলিৰ দীপৰ বিলত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ। মহানগৰীৰ ধাৰাপুৰ চাৰিআলিৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ দীপৰ বিলৰ পানীত ওপঙি থকা অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই স্থানীয় অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰে।
প্ৰাপ্ত খবৰ মতে, কোনো লোকে দীপৰ বিলৰ পানীত মৃতদেহ এটা ওপঙি থকা প্রত্যক্ষ কৰি আজাৰা আৰক্ষীক খবৰ দিয়ে। আজাৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দীপৰ বিলৰ পানীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি থানালৈ লৈ যায়।
উল্লেখনীয় যে প্ৰায় ৩৫ বছৰ বয়সৰ যুৱকজনৰ পৰিচয় অদ্যপি লাভ কৰিবলৈ সক্ষম হোৱা নাই আজাৰা আৰক্ষী তথা স্থানীয় জনসাধাৰণে। ক'লা বৰণৰ পেণ্ট-চাৰ্ট পৰিধান কৰি থকা অচিনাকী যুৱকজনৰ মৃতদেহটো আজাৰা আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি চিনাক্তকৰণৰ বাবে ৭২ ঘণ্টা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মর্গত ৰখাৰ ব্যৱস্থা কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|