ব্ৰহ্মপুত্ৰ সাংস্কৃতিক প্ৰতিষ্ঠান (Brahmaputra cultural Foundation)ৰ উদ্যোগত মাজুলীৰ লুইতৰ পাৰত দঞি: পল: নাট্য মহোৎসৱ অনুষ্ঠিত হয়। এই মহোৎসৱত দেশী- বিদেশী নাট্য দলে অংশ লোৱাৰ লগতে মাজুলীৰ মুখা ভাওনাই জয় কৰিছে দৰ্শকৰ হৃদয়।
স্বেচ্ছাসেৱী সাংস্কৃতিক অনুষ্ঠান 'ব্ৰহ্মপুত্ৰ কালচাৰেল ফাউণ্ডেছন’'ৰ তত্ত্বাৱধানত আৰু অসম চৰকাৰৰ পৰ্যটন বিভাগ তদা মিচিং স্বায়ত্বশাসিত পৰিষদৰ সহযোগত কালি অৰ্থাৎ ১৯ নৱেম্বৰত মাজুলীত "দঞি: পল’’ মাজুলী নাট্য মহোৎসৱ' আৰম্ভ হয়। ১৯ নৱেম্বৰৰ পুৱাৰ পৰা মাজুলীৰ চিতাদাৰ চুকৰ লুইতৰ পাৰত আৰম্ভ হোৱা অগতানুগতিক এই নাট্য মহোৎসৱে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় নাট্য শিল্পীৰ ব্যতিক্ৰমী নাট্য প্ৰদৰ্শন কৰে এই নাট্য মহোৎসৱত।
উক্ত নাট্য মহোৎসৱৰ বাবে প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি মাজুলীত সোণত শুৱগা চৰাই দেশ-বিদেশৰ শিল্পী আহি একত্ৰিত হৈছে। মাজুলী এতিয়া বিভিন্ন দেশী–বিদেশী সংস্কৃতিৰ আদান–প্ৰদান ক্ষেত্ৰলৈ পৰিণত হৈছে।
উল্লেখ্য যে, বিগত দিনটোত সন্ধিয়া ব্ৰহ্মপুত্ৰ কালচাৰেল ফাউণ্ডেছনৰ শিল্পীকা বৰদলৈয়ে "এ হিউমেন এন্দিভাৰ ( A Human Endeavour) " প্ৰদৰ্শন কৰে। দিনটোৰ শেষৰ কাৰ্যসূচীৰূপে মাজুলীৰ চামগুৰি সত্ৰৰ মূখা ভাওনা প্ৰদৰ্শন কৰা হয়। ব্ৰহ্মপুত্ৰ কালচাৰেল ফাউণ্ডেছনৰ উক্ত ব্যতিক্ৰমী দঞি : পল মাজুলী নাট্য মহোৎসৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|