• Home
  • »
  • News
  • »
  • assam
  • »
  • 'চোৰ-ডকাইতক হত্যা কৰিলে শ্বহীদ নহয়'- আকৌ বিতৰ্কিত মন্তব্য শ্বেৰমান আলীৰ, কি স্থিতি হ'ব কংগ্ৰেছ নেতৃত্বৰ?

'চোৰ-ডকাইতক হত্যা কৰিলে শ্বহীদ নহয়'- আকৌ বিতৰ্কিত মন্তব্য শ্বেৰমান আলীৰ, কি স্থিতি হ'ব কংগ্ৰেছ নেতৃত্বৰ?

চৰকাৰ বিজেপিৰে আছে। মোক গ্ৰেপ্তাৰ কৰিলে কৰিব পাৰেঃ শ্বেৰমান আলী

চৰকাৰ বিজেপিৰে আছে। মোক গ্ৰেপ্তাৰ কৰিলে কৰিব পাৰেঃ শ্বেৰমান আলী

চৰকাৰ বিজেপিৰে আছে। মোক গ্ৰেপ্তাৰ কৰিলে কৰিব পাৰেঃ শ্বেৰমান আলী

  • Share this:
বাঘবৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীয়ে আকৌ মুখ খুলিছে! বুধবাৰে অসম আন্দোলনৰ শ্বহীদ দয়ানাথ শৰ্মাক ঘাতক আখ্যা দি বিতৰ্কৰ সূচনা কৰা শ্বেৰমান আলীয়ে পুনৰ এবাৰ দয়ানাথ শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰিছে।

'বিধায়ক শ্বেৰমানে কয় যে, 'মইনুল হকৰ হত্যাক ন্যাৰ্যতা দিবলৈ একাংশই ৮৩ ঘটনাক টানি আনিছে।মই নিজৰ স্থিতিত অটল। জয়নাথ শৰ্মাৰ ভাতৃয়ে বন্দুক লৈ মানুহ হত্যা কৰিছিল। গুলী শেষ হোৱাত তেওঁক হত্যা কৰা হ'ল। কোনো চোৰ ডকাইত মানুহৰ ঘৰত সোমালে,সেই চোৰ ডকাইত হত্যা কৰিলে শ্বহীদ নহয়। মোৰ বিবেকে যি কৈছে তাতে মই অটল আছো।'

শ্বেৰমানে লগতে কয় যে, 'কনকলতা, খগেশ্বৰ তালুকদাৰ শ্বহীদ।দেশৰ কাৰণে জাতিৰ কাৰণে প্ৰাণ দিছি। কিন্তু জয়নাথ শৰ্মাৰ ভাতৃ ঘাতক আছিল। মানুহ মাৰিছিল আৰু আত্মৰক্ষাৰ স্বাৰ্থত মানুহে তেওঁক মাৰিছিল।তেওঁ শ্বহীদ হ'ব নোৱাৰে।'

'কংগ্ৰেছৰ দলৰ উপৰত মোৰ সম্পন্ন বিশ্বাস আছে।দলে শ্ব'কজ দিলে মই উত্তৰ দিম।জয়নাথ শৰ্মাৰ পৰিয়ালে গোচৰ দিব পাৰে,সেয়া তেওঁলোকৰ অধিকাৰ।চৰকাৰ বিজেপিৰে আছে। মোক গ্ৰেপ্তাৰ কৰিলে কৰিব পাৰে।'- এনেদৰেও মন্তব্য কৰে শ্বেৰমান আলীয়ে।

পিছে এনেদৰে মন্তব্য কৰা শ্বেৰমানৰ সন্দৰ্ভত কংগ্ৰেছৰ দলীয় স্থিতি কি হয়, সেয়া লক্ষ্যণীয় হব। কিন্তু এতিয়ালৈকে কংগ্ৰেছৰ কোনো নেতাই  এই প্ৰসংগত কোনো ধৰণৰ মন্তব্য দিয়া নাই।
Published by:Himangshu Bhuyan
First published: