শিৱসাগৰত বুধবাৰে পুৱাই শিৱসাগৰ গড়কাপ্তানী বিভাগৰ কামৰ ফোঁপোলা স্বৰূপটো পুনৰ উদঙালে এখন আৰ চি চি দলঙে।
চূড়ান্ত বিসংগতিপূৰ্ণভাৱে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ কৰা ২৪.৭৫ মিটাৰ দৈৰ্ঘ্যৰ পকী দলং এখন মাজভাগতে ভাগি পৰে। ডাউকী আলি আৰু মেচাগড় সংযোগী আছিল পকী দলংখন।
দলঙৰ বাবে অনুমোদিত ৯৫ লাখ টকা সঠিকভাৱে ব্যৱহাৰ নকৰি হৰণ-ভোগন কৰি আৰু চূড়ান্ত গাফিলতিৰে নিৰ্মাণ কৰাৰ বাবেই দলংখন ভাগি পৰাৰ অভিযোগ উঠিছে।
দলঙৰ ওপৰেৰে যোৱা এখন স্কুল ভেন পাৰ হৈ যোৱাৰ পিছমুহূৰ্ততে ভাগি পৰে পকী দলংখন। কথমপি প্ৰাণৰক্ষা পৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ। কোনো লোক হতাহত হোৱা নাই যদিও দলংখন ভাগি পৰাত শিৱসাগৰৰ শলগুৰি আৰু মেছাগড় মৌজাৰ ৰাইজৰ যাতায়াত স্তব্ধ হৈ পৰিছে। সেই পথেদিয়েই ছাত্ৰ-ছাত্ৰী, ৰোগী অহা-যোৱা কৰাৰ উপৰি বৃহত্তৰ এলেকাৰ জনসাধাৰণেও অহা-যোৱা কৰে। বৰ্তমান দলংখন ভাগি পৰাত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে ৰাইজৰ মাজত।
লক্ষণীয় যে চাৰিবছৰ পূৰ্বে সুমন গগৈ নামৰ ঠিকাদাৰজনে পি এম জি এছ ৱাই আঁচনিৰ অধীনত দলংখন নিৰ্মাণৰ নিবিদা লাভ কৰিছিল। দলংখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ চাৰি বছৰ হৈছিল যদিও ব্যাপক বিসংগতি থকাত আনুষ্ঠানিকভাৱে মুকলি কৰা নাছিল গড়কাপ্তানী বিভাগে।
ইয়াৰ উপৰি ২০১৯ চনত সেই সময়ৰ মুখ্যমন্ত্ৰীলৈ ৰাইজে এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দিছিল। দলংখনৰ নিৰ্মাণত বিসংগতি থকা বুলি উল্লেখ কৰি ৰাইজে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ দিছিল আবেদন পত্ৰ। কিন্তু ইয়াৰ পিছতো অসম চৰকাৰে গুৰুত্ব নিদিলে। ফলত আজি ভাগি পৰিল পকী দলংখন। সুমন গগৈ নামৰ ঠিকাদাৰগৰাকীয়ে চৰম দুৰ্নীতিৰ আশ্ৰয় লৈ দলং খন নিৰ্মাণ কৰাৰ বাবেই বৰ্তমান এনে অৱস্থা হোৱা বুলি ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে।
শিৱসাগৰ গড়কাপ্তানী বিভাগেও বিগত সময়ছোৱাত চকুমুদা কুলিৰ ভাও ধৰি অহা বুলিও ক্ষোভ প্ৰকাশ কৰিছে জনসাধাৰণে। তদুপৰি দলংখন ভাগি পৰা কেইবাঘন্টাৰ পিছতো ঘটনা স্থলীত গড়কাপ্তানী বিভাগৰ বিষয়া , অভিযন্তা উপস্থিত হোৱাৰ পৰিলক্ষিত নহ'ল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|