যুদ্ধৰত ইজৰাইলত কিদৰে আছে অসমৰ মেধাৱী জীয়ৰী, কন্যাক লৈ চিন্তিত অসমীয়া পিতৃ-মাতৃ

News18 Assam | News18-Assam
Updated:May 19, 2021, 12:26 AM IST
যুদ্ধৰত ইজৰাইলত কিদৰে আছে অসমৰ মেধাৱী জীয়ৰী, কন্যাক লৈ চিন্তিত অসমীয়া পিতৃ-মাতৃ
ৰসায়ন বিভাগত গৱেষণাৰত অসম কন্যা নাজিহাই তেওঁ থকা অঞ্চলত দিনে–নিশাই শুনিবলৈ পাইছে হামাছে নিক্ষেপ কৰা ৰকেটৰ শব্দ।

ৰসায়ন বিভাগত গৱেষণাৰত অসম কন্যা নাজিহাই তেওঁ থকা অঞ্চলত দিনে–নিশাই শুনিবলৈ পাইছে হামাছে নিক্ষেপ কৰা ৰকেটৰ শব্দ।

  • Share this:

ইজৰাইল আৰু পেলেষ্টাইনৰ যুদ্ধৰ বাতৰিয়ে বৰ্তমান সমগ্ৰ বিশ্বৰে নিদ্ৰা হৰিছে। প্ৰতিদিনেই ধ্বংসস্তুপত পৰিণত হৈছে ইজৰাইল আৰু পেলেষ্টাইনৰ বহু অট্টালিকা। নিহত হৈছে ২০০ৰো অধিক অসামৰিক লোক। দুয়োখন দেশেই  নামিছে যুঁজত। পেলেষ্টাইনে যদি ইজৰাইলক ৰকেটেৰে আক্ৰমণ কৰিছে, ইজৰাইলেও নিমিষতে তাৰ প্ৰত্যুত্তৰ দিছে। গৃহহীন হৈছে বহু লোক।


কিন্তু ইজৰাইল আৰু পেলেষ্টাইনৰ যুদ্ধই নিদ্ৰা হৰিছে অসমৰ এহাল পিতৃ-মাতৃৰ। কাৰণ তেওঁলোকৰ কন্যা নাজিহা তৰন্নম বৰ্তমান আবদ্ধ হৈ আছে ইজৰাইলত। গোলাঘাট জিলাৰ দেৰগাঁৱৰ শিক্ষক তথা গোলাঘাট জিলা সাহিত্য সভাৰ উপসভাপতি তফজ্জুল হক বৰবৰা আৰু মাতৃ শিক্ষয়িত্ৰী মফিদা বেগম এতিয়া কন্যাক লৈ চিন্তিত। ইজৰাইলৰ বেন কুৰিয়াম বিশ্ববিদ্যালয়ত ৰসায়ন বিভাগত গৱেষণাৰত ছাত্ৰী নাজিহাই বৰ্তমান অনাহাৰে-অনিদ্ৰাই দিন পাৰ কৰিছে।


নাজিহাৰ পিতৃ-মাতৃয়ে নিউজ–১৮ অসমক জনোৱা অনুসৰি, নাজিহা থকা অঞ্চলত দিনে–নিশাই ৰকেটৰ শব্দ জীয়ৰীয়ে শুনিবলৈ পাইছে। কিন্তু পেলেষ্টাইনৰ পৰা নিক্ষেপ কৰা ৰকেট আকাশমাৰ্গতে ধ্বংস কৰিছে ইজৰাইলে। প্ৰতিদিনেই জীয়ৰী নাজিহাই পিতৃ-মাতৃক ইজৰাইলৰ ভয়ংকৰ পৰিস্থিতিৰ কথা জনাইছে। সেয়ে এতিয়া নাজিহাৰ পিতৃ-মাতৃয়ে বিচাৰিছে এই যুদ্ধৰ অৱসান হওক। নাজিহায়ো বিচাৰিছে এই যুদ্ধৰ অৱসান হওক ইজৰাইললৈ পুনৰ শান্তি ঘূৰি আহক। গোলাঘাটৰ অসহায় পিতৃ-মাতৃৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা– ইজৰাইলত শান্তি প্ৰতিষ্ঠা হওক আৰু তেওঁলোকৰ একমাত্ৰ কন্যা ভালে-কুশলে পুনৰ অসমলৈ ঘূৰি আহক।

Published by: Gautam Barman
First published: May 19, 2021, 12:17 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি