• Home
  • »
  • News
  • »
  • assam
  • »
  • সন্ধানহীন কন্যা, হাতত ফটোসম্বলিত পোষ্টাৰ লৈ সন্তানক বিচাৰি ফুৰিছে পিতৃ–মাতৃয়ে

সন্ধানহীন কন্যা, হাতত ফটোসম্বলিত পোষ্টাৰ লৈ সন্তানক বিচাৰি ফুৰিছে পিতৃ–মাতৃয়ে

গোচৰ দিয়াৰ ২৫ দিনৰ পিছতো আৰক্ষীয়ে কোনো শুংসূত্ৰ উলিয়াব নোৱৰাত ৰাজপথত পোষ্টাৰ লৈ ঘূৰে পিতৃ মাতৃয়ে

গোচৰ দিয়াৰ ২৫ দিনৰ পিছতো আৰক্ষীয়ে কোনো শুংসূত্ৰ উলিয়াব নোৱৰাত ৰাজপথত পোষ্টাৰ লৈ ঘূৰে পিতৃ মাতৃয়ে

গোচৰ দিয়াৰ ২৫ দিনৰ পিছতো আৰক্ষীয়ে কোনো শুংসূত্ৰ উলিয়াব নোৱৰাত ৰাজপথত পোষ্টাৰ লৈ ঘূৰে পিতৃ মাতৃয়ে

  • Share this:
ৰাজপথত নিজ কন্যাক বিচাৰি হাহাকাৰ পিতৃ-মাতৃৰ ৷ হাতত সন্তানৰ ফটোসম্বলিত  পোষ্টাৰ  লৈ সন্ধান বিচাৰিছে দম্পতীয়ে ৷ বাটে–ঘাটে ঘূৰি সন্তানৰ শুংসূত্ৰ বিচাৰি ফুৰি অসহায় পিতৃ–মাতৃ। এই ঘটনা চিৰাং জিলাৰ ৷

জিলাখনৰ আমগুৰি থানাৰ অন্তৰ্গত পলাংশুগুৰি গাঁৱৰ জীৱন দাস আৰু পাৰ্বতি দাসৰ জীয়ৰী মিনতি দাস যোৱা ১৪ আগষ্টত ঘৰৰ পৰা বৰদেউতাকৰ ঘৰলৈ যাব ওলোৱাৰ পিছৰে পৰা সন্ধানহীন হয়।

আমগুৰি থানাত গোচৰ দিয়াৰ ২৫ দিনৰ পিছতো আৰক্ষীয়ে কোনো শুংসূত্ৰ উলিয়াব নোৱৰাত আজি পিতৃ-মাতৃয়ে নিজৰ জীয়াৰীৰ সন্ধান বিচাৰি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ আহি অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

নিজ জীয়ৰীৰ ছবি হাতত লৈ চিৰাং আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত নিজ জীয়ৰীৰ সন্ধান বিচাৰি প্ৰতিবাদ কৰা দেখা যায় ৷  চিৰাং জিলাৰ আৰক্ষী অধীক্ষক প্ৰাণজিত বৰাক সাক্ষাৎ কৰি এক আলোচনাত মিলিত হয় পিতৃ–মাতৃ আৰু স্থানীয় যুৱকসকলে ৷
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি