ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাৰী নিৰ্যাতনৰ ঘটনা চলি থকাৰ সময়তে জাগীৰোডত পোহৰলৈ আহিছে বোৱাৰী নিৰ্যাতনৰ চাঞ্চল্যৰ ঘটনা ৷ এই নৃশংস ঘটনা সংঘটিত হৈছে জাগীৰোডৰ শিলভাঙাত ৷
প্ৰায় ৩ মাহ পূৰ্বে জাগীৰোডৰ শিলভাঙাৰ জাহেদ আলী আৰু মজিদা খাতুনৰ পুত্ৰ মজিবুৰ ৰহমানৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল একে গাঁৱৰে ইব্ৰাহিম আলীৰ কন্যা হাচনাৰা বেগমে ৷
কিন্তু বিবাহৰ পিছৰে পৰা স্বামী মজিবুৰ আৰু পৰিয়ালে হাচনাৰাক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই অহাৰ অভিযোগ ৷ পিছে এই নিৰ্যাতনে চৰম সীমা অতিক্ৰম কৰে বিগত ১৫ মাৰ্চত ৷
যৌতুকৰ বাবেই বন্ধ কোঠাত নিজ পত্নীক আবদ্ধ কৰি ব্লেডেৰে উপৰ্যুপৰি আঘাত কৰে স্বামী মজিবুৰ ৰহমানে। আৰু এই কাণ্ডত সহযোগ কৰে শাহু মজিদা খাতুনে। পৰিয়ালটোৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা পত্নীৰ দেহত পৰে ৭১ টাকৈ চিলাই ৷
ঘটনা সন্দৰ্ভত বোৱাৰী গৰাকীৰ পৰিয়ালৰ লোকে জাগীৰোড আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও এইপৰ্যন্ত আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ ৷
ইতিমধ্যে বোৱাৰী গৰাকীৰ স্বামী মজিবুৰসহ পৰিয়ালটোৰ সকলো সদস্য পলাতক হৈ আছে৷ সেয়ে দোষীক কৰায়ত্ত কৰি উপযুক্ত শাস্তি বিহাৰ দাবী উখাপন কৰিছে ভুক্তভোগী পৰিয়ালটোৰ লগতে স্থানীয় লোকে৷
Published by: Gautam Barman
FIRST PUBLISHED : March 19, 2023, 15:33 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।