দৰং আৰক্ষীৰ ঘৃণনীয় ৰূপ, OC মহেন্দ্ৰ শৰ্মাৰ প্ৰহাৰত গৰ্ভপাত হ’ল মহিলাৰ!

৯ ছেপ্টেম্বৰৰ পুৱতিনিশা তিনি মহিলাৰ ওপৰত আৰক্ষী বিষয়াজনে চলাই গৈছিল নৃশংস আক্ৰমণ।

News18-Assam
Updated:September 17, 2019, 12:24 PM IST
দৰং আৰক্ষীৰ ঘৃণনীয় ৰূপ, OC মহেন্দ্ৰ শৰ্মাৰ প্ৰহাৰত গৰ্ভপাত হ’ল মহিলাৰ!
৯ ছেপ্টেম্বৰৰ পুৱতিনিশা তিনি মহিলাৰ ওপৰত আৰক্ষী বিষয়াজনে চলাই গৈছিল নৃশংস আক্ৰমণ।
News18-Assam
Updated: September 17, 2019, 12:24 PM IST
দৰঙৰ বুঢ়া আৰক্ষী চকীৰ জঘন্য ঘটনাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। ইয়াৰ মাজতে পোহাৰলৈ আহিছে আন এক চাঞ্চল্যকৰ খবৰ। OC মহেন্দ্ৰ শৰ্মাৰ বৰ্বৰ আক্ৰমণৰ পৰা সাৰি যাব পৰা নাছিল গৰ্ভৱতী মহিলাও। যি তিনিগৰাকী মহিলাক থানাৰ ভিতৰত উলংগ কৰি নিৰ্মমভাৱে
প্ৰহাৰ কৰা হৈছিল, তাৰ ভিতৰত এগৰাকী মহিলা আছিল গৰ্ভৱতী। দুমাহৰ গৰ্ভৱতী আছিল মহিলাগৰাকী। গৰ্ভৱতী মহিলাগৰাকীয়ে বাৰে বাৰে কাকুতি–মিনতি কৰাৰ পিছতো ক্ষান্ত হোৱা নাছিল পাষাণ আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মা। আন দুগৰাকীৰ লগতে গৰ্ভৱতী মহিলাগৰাকীৰ
ওপৰতো নৃশংসভাৱে অত্যাচাৰ চলাই গৈছিল আৰক্ষী বিষয়াজনে। যাৰ ফলত গৰ্ভৱতী মহিলাগৰাকীৰ গৰ্ভপাত হোৱাৰ অভিযোগ উত্থাপন হৈছে।

৯ ছেপ্টেম্বৰৰ পুৱতিনিশা তিনি মহিলাৰ ওপৰত আৰক্ষী বিষয়াজনে চলাই গৈছিল নৃশংস আক্ৰমণ। এগৰাকী মহিলা কনিষ্টবলৰ সহায়ত মহেন্দ্ৰ শৰ্মাই সংঘটিত কৰিছিল এই জঘন্য কাণ্ড। আচামীক নাপাই তিনি যুৱতীক গুৱাহাটীৰ পৰা উঠাই নি অত্যাচাৰ চলাইছিল আৰক্ষীয়ে।
যুৱতীকেইগৰাকীক যৌন নিৰ্যাতন চলোৱাৰো অভিযোগ আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে।

এই ঘটনাৰ পিছতে মহেন্দ্ৰ শৰ্মাৰ বিৰুদ্ধে দৰঙৰ আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰিছিল ভুক্তভোগীয়ে। কিন্তু বিষয়টো গাপ দিয়াৰ চেষ্টাহে কৰে আৰক্ষী অধীক্ষকে। এইপৰ্যন্ত OC মহেন্দ্ৰ শৰ্মাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই দৰং আৰক্ষীয়ে।

১০ ছেপ্টেম্বৰত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল ভুক্তভোগীৰ পৰিয়ালে। ৭ দিনেও গোচৰ পঞ্জীভূক্ত নকৰিলে আৰক্ষীয়ে। এজাহাৰ দিলে গুলীয়াই মৰাৰ ভাবুকিও প্ৰদান কৰিছিল OC মহেন্দ্ৰ শৰ্মাই।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি