দৰং জিলাৰ নামখলাত গণ সংক্ৰমণৰ আশংকাত আতংকিত হৈ পৰিছে ৰাইজ। নামখলা গোমঠাপাৰাৰ যুৱক কৰণা দাস আৰু কিশোৰ দাস ২৭ মে’ত আহিছিল চেন্নাইৰ পৰা। তাৰ পিছতেই এজন ছিপাঝাৰ আৰু আনজন মঙলদৈ কোৱাৰেণ্টাইন চেণ্টাৰত আছিল। অহাৰ সময়তে তেওঁলোকৰ নমুনা সংগ্রহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাত কিছু দিন পিছতেই প্ৰথম ৰিপ’ৰ্টত আহিল নিগেটিভ।
নিগেটিভ অহাৰ পিছতেই ২ জুনত পুনৰ যুৱক দুজনক দহ দিনৰ কাৰণে হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশ দিয়ে। তেনে সময়তে ৭ জুনত কোৱাৰেণ্টাইন চেণ্টাৰত থকা কেইবাজনৰো COVID-19 পজিটিভ ওলোৱাত জিলা স্বাস্থ্য বিভাগে একেলগে থকা গোমঠাপাৰা যুৱক কৰণা দাস আৰু কিশোৰ দাসৰ পৰা পুনৰ সংগ্ৰহ কৰে নমুনা। দ্বিতীয়বাৰ নমুনা সংগ্ৰহ কৰাৰ সময়ত হোম কোৱাৰেণ্টাইনত আছিল যুৱক দুজন।
১২ জুনত দুয়োৰে হোম কোৱাৰেণ্টাইনৰ দিন উকলি যায়। কিন্তু ৭ জুনত লোৱা নমুনাৰ ফলাফল ১২ জুন পৰ্যন্ত নাহিল। যাৰ কাৰণে গাঁৱৰ গাওঁবুঢ়া, পঞ্চায়ত প্ৰতিনিধি, স্বাস্থ্য কৰ্মীৰ নিৰ্দেশ ক্ৰমে ৰিপ’ৰ্ট নহা পৰ্যন্ত কোৱাৰেণ্টাইন হোৱাৰ নিৰ্দেশ দিছিল যুৱক দুজনক। কিন্তু সেই নিৰ্দেশনা নামানি ১৩ জুনত তেওঁলোকৰ আলহী ঘৰলৈ যোৱাৰ লগতে মঙলদৈ চহৰত ATMত টকা উলিয়াই নামখলা বজাৰৰ কেইবাখনো দোকানলৈ যোৱাৰ লগতে বজাৰ কৰিছিল নামখলা বজাৰত। আৰু তাৰ এদিন পিছতেই ১৪ জুনত গোমঠাপাৰাৰ যুৱক কৰণা দাস আৰু কিশোৰ দাসৰ ৰিপ’ৰ্ট আহিল পজিটিভ।
১৪ জুনত মঙলদৈ অসামৰিক চিকিৎসালয়লৈ অনা হয় যুৱক দুজনক। বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীক দুই যুৱক। গোমঠাপাৰা কৰণা দাস আৰু কিশোৰ দাস নামৰ যুৱক দুজন কোৰোণা পজিটিভ হোৱাৰ লগে লগে অঞ্চলজুৰি লাগিল হাহাকাৰ। পাথৰিঘাট ৰাজহ চক্ৰৰ বিষয়া অমৰজ্যোতি নাথ নামখলাত উপস্থিত হৈ গোমঠাপাৰা আৰু আঠিয়াবাৰীৰ ঘৰ কেইখন কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰে। আনহাতে, নামখলা ব্যৱসায়ী সন্থাৰ সিদ্ধান্তমৰ্মে এক সপ্তাহৰ বাবে বন্ধ কৰি দিয়ে নামখলা বজাৰ, নামখলা চক, লগতে সমগ্ৰ অঞ্চলৰ দোকান–বজাৰ।
ইতিমধ্যে দৰং জিলা স্বাস্থ্য বিভাগে পজিটিভ হোৱা দুজনৰ পোনপটীয়াকৈ সংস্পৰ্শলৈ অহা লোকসকলৰ নমুনা সংগ্ৰহ কৰাৰ লগতে গাঁৱৰ সংস্পৰ্শলৈ অহা আত্মীয়ৰ নমুনা সংগ্ৰহ কৰিছে। এতিয়া আতংকত দিন পাৰ কৰিছে সমগ্ৰ অঞ্চলবাসীয়ে। জিলা প্ৰশাসন, ছাত্ৰ সন্থাই সমগ্ৰ অঞ্চল ছেনিটাইজ কৰাৰ ব্যৱস্থা কৰিছে যদিও সন্তুষ্ট হ’ব পৰা নাই অঞ্চলটোৰ ৰাইজ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|