বুঢ়া কাণ্ড : গৰ্ভৱতী মহিলাক প্ৰহাৰৰ অভিযোগ মিছা, ৰফুলে পলুৱাই নিয়া যুৱতীৰ চাঞ্চল্যকৰ ভাষ্য

যুৱতীগৰাকীয়ে কয় যে মহিলাগৰাকীৰ স্বামীয়ে অত্যাচাৰ কৰা ফটো ৰফুলে পলুৱাই নিয়াৰ পূৰ্বেই তাইক দেখুৱাইছিল।

News18-Assam
Updated:September 19, 2019, 9:28 AM IST
বুঢ়া কাণ্ড : গৰ্ভৱতী মহিলাক প্ৰহাৰৰ অভিযোগ মিছা, ৰফুলে পলুৱাই নিয়া যুৱতীৰ চাঞ্চল্যকৰ ভাষ্য
যুৱতীগৰাকীয়ে কয় যে মহিলাগৰাকীৰ স্বামীয়ে অত্যাচাৰ কৰা ফটো ৰফুলে পলুৱাই নিয়াৰ পূৰ্বেই তাইক দেখুৱাইছিল।
News18-Assam
Updated: September 19, 2019, 9:28 AM IST
দৰঙৰ বুঢ়া আৰক্ষী চকীৰ ঘটনাৰ ন ন তথ্য পোহৰলৈ আহিছে। চিকিৎসকৰ ৰিপ’ৰ্ট আৰু আৰু ৰফুল আলীয়ে পলুৱাই নিয়া যুৱতীগৰাকীৰ ভাষ্যই ন ৰূপ দিছে সমগ্ৰ ঘটনাৰ। আৰক্ষীয়ে তিনি ভগ্নীক যিখন হাস্পতালত ভৰ্তি কৰোৱাইছিল, তাৰ চিকিৎসকৰ মতে, স্বাস্থ্য পৰীক্ষাৰ সময়ত তিনি মহিলাৰ এগৰাকীয়েও উল্লেখ কৰা নাছিল গৰ্ভৱতী বুলি। স্বাস্থ্য পৰীক্ষাৰ সময়ত তিনি ভগ্নীয়ে চিকিৎসকক দেখুৱাইছিল ম’বাইলৰ ফটো। ফটো চাই উন্নত চিকিৎসাৰ পৰামৰ্শ দিছিল চিকিৎসকে।

কোন সময়ত তুলিছিল ফটো?
৯ ছেপ্টেম্বৰৰ নিশা তিনি ভগ্নীক বুঢ়া আৰক্ষী চকীৰ IC মহেন্দ্ৰ শৰ্মাই শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। সেইদিনাই পুৱতিনিশা তিনিগৰাকীকে স্বাস্থ্য পৰীক্ষাৰ বাবে আৰক্ষীয়ে লৈ গৈছিল হাস্পতাললৈ। কিন্তু হাস্পতালত মহিলাকেইগৰাকীয়ে চিকিৎসকক দেখুৱাইছিল আঘাতৰ চিন থকা ফটো। প্ৰশ্ন হৈছে – নিশাটো আৰক্ষীৰ জিম্মাত থকা মহিলাকেইগৰাকীয়ে কেতিয়া তুলিছিল গোপন অংশৰ ফটো?

কি অভিযোগ ৰফুলে পলুৱাই নিয়া যুৱতী?
আনহাতে, ৰফুল আলীয়ে পলুৱাই নিয়া যুৱতীগৰাকীয়ে উত্থাপন কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ অভিযোগ। যুৱতীগৰাকীৰ মতে, গৰ্ভৱতী মহিলাক আৰক্ষীয়ে প্ৰহাৰ কৰা কথাটো অসত্য। যুৱতীগৰাকীৰ মতে, ৰফুলে পলুৱাই নিয়াৰ পিছত ৫ দিন গুৱাহাটীৰ বায়েকৰ ঘৰত আছিল দুয়ো। কিন্তু সেই সময়ত ৰফুলৰ জ্যেষ্ঠ ভগ্নীয়ে এবাৰো গৰ্ভৱতী হোৱাৰ কথা কোৱা নাছিল। মহিলাকেইগৰাকীয়ে দেখুওৱা ফটো স্বামীৰ অত্যাচাৰৰ আগৰ ফটো বুলিও অভিযোগ কৰে যুৱতীগৰাকীয়ে।

ৰফুল আলী নাৰী সৰবৰাহকাৰী!
আনহাতে, যুৱতীগৰাকীয়ে কয় যে মহিলাগৰাকীৰ স্বামীয়ে অত্যাচাৰ কৰা ফটো ৰফুলে পলুৱাই নিয়াৰ পূৰ্বেই তাইক দেখুৱাইছিল। ৰফুল আলী এজন নাৰী সৰবৰাহকাৰী বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীয়ে। পত্নী থকাৰ পিছতো ৰফুলে দুগৰাকী যুৱতীক বিক্ৰী কৰাৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীয়ে। আৰক্ষীৰ সঠিক তদন্ততহে পোহৰলৈ আহিব কোন সঁচা কোন মিছা।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি