সৰস্বতী পূজাত ‘আজৱ’ সাজ পিন্ধি ভাইৰেল হোৱা ছোৱালীজনী কোন? আপুনি নিশ্চয় চিনি পায়!

News18 Assam | News18-Assam
Updated:January 31, 2020, 7:58 AM IST
সৰস্বতী পূজাত ‘আজৱ’ সাজ পিন্ধি ভাইৰেল হোৱা ছোৱালীজনী কোন? আপুনি নিশ্চয় চিনি পায়!
ছোৱালীজনীৰ নাম আচল মালাকাৰ। ঘৰ যোৰহাটত।

ছোৱালীজনীৰ নাম আচল মালাকাৰ। ঘৰ যোৰহাটত।

  • Share this:
সৰস্বতী পূজাত ‘আজৱ’ পোছাক পিন্ধি ছচিয়েল মিডিয়াত ভাইৰেল হৈছে অসমৰ এজনী কিশোৰী। সৰস্বতী পূজাৰ দিনা সকলো ছোৱালীয়ে নিজৰ পছন্দৰ মেখেলা–চাদৰযোৰ পিন্ধাৰ পৰিৱৰ্তে এই কিশোৰীগৰাকীয়ে পিন্ধিলে এক অদ্ভুত পোছাক। যাৰ বাবে বিভিন্ন লোকে ছচিয়েল মিডিয়াত ট্ৰ’ল কৰিছে কিশোৰীগৰাকীক। ছোৱালীজনীক আপুনিও নিশ্চয় চিনি পায়।

ছোৱালীজনীৰ নাম আচল মালাকাৰ। ঘৰ যোৰহাটত। ‘ষ্টাৰ প্লাছ’ৰ ৰিয়েলিটী শ্ব’ Dance+ 4ত নিজৰ প্ৰতিভাৰে বলীউদৰ শিল্পীৰ প্ৰশংসা বুটলিছিল আচলে। Dance+ 4ত প্ৰথম ৰানাৰ্ছআপৰ সন্মানো লাভ কৰিছিল আচলে। ৰাঘৱ জুয়ালে আঁত ধৰা এই জনপ্ৰিয় শ্ব’ত বলীউদৰ প্ৰখ্যাত কৰিঅ’গ্ৰাফাৰ ৰেম’ ডিছৌজা, ধৰ্মেন্দ্ৰ য়েলান্দে, পুনীত পাঠক আৰু শক্তি মোহনৰ ভূয়সী প্ৰশংসা লাভ কৰিছিল আচলে।



যোৰহাটৰ এটা দৰিদ্ৰ পৰিয়ালৰ আচলৰ সংগ্ৰামৰ কাহিনীয়ে Dance+ 4ৰ বিচাৰকসকলক ভাবুক কৰি তুলিছিল। সংস্থাপনহীন পিতৃয়ে কিদৰে নিজৰ কন্যাক নৃত্যৰ ক্ষেত্ৰখনত আগবঢ়াই নিছিল সেই কথা শুনি চকুপানী টুকিছিল শক্তি মোহনে। নৃত্যকে নিজৰ কেৰিয়াৰ হিচাপে গঢ়িব খোজা সেইগৰাকীয়ে এইগৰাকী আচল। আচলৰ এই ফটোখন ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।
আৰু চাওক
পৰৱৰ্তী বাতৰি