স্বাধীনতাৰ পূৰ্বে বাছ চলাচল কৰা গোৱালপাৰাৰ এটা পথ, এতিয়া চলাচল কৰিব নোৱাৰে এখন চাইকেলো

স্বাধীনতাৰ পূৰ্বৰে পৰা এই পথেৰে বহতিৰ পৰা ৰাজ্যৰ বিভিন্ন প্রান্তলৈ যাত্রীবাহী বিভিন্ন যান-বাহন চলাচল কৰিছিল।
স্বাধীনতাৰ পূৰ্বৰে পৰা এই পথেৰে বহতিৰ পৰা ৰাজ্যৰ বিভিন্ন প্রান্তলৈ যাত্রীবাহী বিভিন্ন যান-বাহন চলাচল কৰিছিল।
- News18 Assam
- Last Updated: October 30, 2020, 10:31 AM IST
বৃহত্তৰ বহতি-শালমাৰা অঞ্চলৰ যাতায়াতৰ একমাত্র পথৰ ওপৰত থকা দলংখনৰ জৰাজীর্ণ অৱস্থাৰ বাবেই যাতায়াতৰ ক্ষেত্রত ৰাইজে যমৰ-যাতনা ভুগিবলগীয়া হৈছে। স্বাধীনতাৰ পূৰ্বৰে পৰা এই পথেৰে বহতিৰ পৰা ৰাজ্যৰ বিভিন্ন প্রান্তলৈ যাত্রীবাহী বিভিন্ন যান-বাহন চলাচল কৰিছিল। কিন্তু কাঠৰ দলংখনৰ এটা অংশ বহি যোৱাত বিগত পাঁচ বছৰ ধৰি কোনোধৰণৰ যান-বাহন চলাচল কৰিব নোৱাৰে l ফলত বহিঃৰাজ্যৰ লগত সংযোগ বিচ্ছিন্ন হৈ পৰিছে অঞ্চলবাসীৰ।
বহতি গাঁৱৰ উত্তৰ প্ৰান্তত থকা জলজলী নদীৰে ভাৰত ত্যাগ আন্দোলনৰ সময়ত জাতিৰ পিতা মহাত্মা গান্ধীয়ে হাত জোকাৰি সম্বোধন কৰিছিল। এনে ঐতিহ্যমণ্ডিত ঠাইখনক চৰকাৰে অৱহেলা কৰাত ক্ষোভিত হৈ পৰিছে ৰাইজ।