• Home
  • »
  • News
  • »
  • assam
  • »
  • Sipajhar, Garukhuti Eviction : গৰুখুঁটিৰ উচ্ছেদিত পৰিয়ালৰ পৰা ২৮ লাখ টকা লৈছিল দালাল চক্ৰই, প্ৰতিটো পৰিয়ালৰ পৰা লৈছিল ৩০–৪০ হাজাৰ টকা।

Sipajhar, Garukhuti Eviction : গৰুখুঁটিৰ উচ্ছেদিত পৰিয়ালৰ পৰা ২৮ লাখ টকা লৈছিল দালাল চক্ৰই, প্ৰতিটো পৰিয়ালৰ পৰা লৈছিল ৩০–৪০ হাজাৰ টকা।

গৰুখুঁটিৰ অবৈধ দখলকাৰীসকলৰ পৰা PFIএ ধন লৈ উচ্ছেদৰ পৰা ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিছিল বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মাইও অভিযোগ কৰিছিল। মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে PFIএৰ লোকে বেদখলকাৰীৰ পৰা ২৮ লাখ টকা সংগ্ৰহ কৰিছিল।

  • Share this:
ছিপাঝাৰ (Sipajhar)ৰ গৰুখুঁটিৰ উচ্ছেদ (Garukhuti Eviction)ক লৈ আজিও সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ মাজতে পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য মতে ছিপাঝাৰৰ গৰুখুঁটিৰ উচ্ছেদিত পৰিয়ালৰ পৰা ২৮ লাখ টকা সংগ্ৰহ কৰিছিল এটা দালাল চক্ৰই। এটা ২৫ জনীয়া দালাল চক্ৰই গৰুখুঁটিৰ প্ৰায় ৬০টা পৰিয়ালৰ পৰা উচ্ছেদপৰা ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে সংগ্ৰহ কৰিছিল এই ধন। এই অভিযোগ কৰিছে খোদ ভূক্তভোগী উচ্ছেদিত পৰিয়ালে।

অভিযোগ অনুসৰি প্ৰতিটো পৰিয়ালৰ পৰা এই ২৫ জনীয়া দালাল চক্ৰই সংগ্ৰহ কৰিছিল ৩০–৪০ হাজাৰ টকাকৈ। তেওঁলোকক দালাল চক্ৰই প্ৰতিশ্ৰুতি দিছিল যে ধন দিলে তেওঁলোকক উচ্ছেদ কৰিব নোৱাৰিব। সংবাদমধ্যমৰ কেমেৰাৰ আগত এই অভিযোগ স্বয়ং  উচ্ছেদিত পৰিয়ালৰ।

ইতিমধ্যে গৰুখুঁটিৰ ঘটনাক উচটনি দিয়াৰ আঁৰত থকা ৬জন লোকক ইতিমধ্যে চিনাক্ত কৰিছে আৰক্ষী–প্ৰশাসনে।

উল্লেখ্য যে গৰুখুঁটিৰ অবৈধ দখলকাৰীসকলৰ পৰা PFIএ ধন লৈ উচ্ছেদৰ পৰা ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিছিল বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মাইও অভিযোগ কৰিছিল। মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে PFIএৰ লোকে বেদখলকাৰীৰ পৰা ২৮ লাখ টকা সংগ্ৰহ কৰিছিল।
Published by:Manjumoni Borah
First published: