ৰঙিয়াত ভয়ংকৰ ঘটনা, পিষ্টল দেখুৱাই প্ৰথমে খুজিলে গাড়ীৰ চাবি, অমান্তি হোৱাত চালকলৈ নিৰ্বিচাৰ গুলীচালনা

ৰঙিয়াত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ ঘটনা।
ৰঙিয়াত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ ঘটনা।
- News18 Assam
- Last Updated: October 31, 2020, 11:19 AM IST
ইয়াৰে এজন যুৱকৰ গৰ্ভৱতী পত্নী অসুস্থ বুলি কৈ গাড়ীখনত উঠি ৰঙিয়ালৈ যাব বিচাৰে। মানৱীয়তাৰ খাতিৰত দাসে যুৱক দুজনক ৰঙিয়ালৈ লৈ যায়। ইয়াৰ পিছত ৰঙিয়াৰ হাইৱে' চকত যুৱক দুজনক নমাই দিব বিচাৰে। কিন্তু যুৱক দুজনে নিশা হোৱাৰ বাবে ঘৰলৈ যোৱাৰ কোনো বাহন নাপাব বুলি কৈ হাইৱে' চকৰ কেকুৰীত নমাই দিবলৈ অনুৰোধ কৰে।
পিছত যুৱক দুজনৰ অনুৰোধ ৰক্ষা কৰি হাইৱে চকৰ কেকুৰিত নমাই দিব বিচৰা অৱস্থাতে দাসক পিছফালৰ পৰা পিষ্টল দেখউৱাই তেওঁলোকৰ নিৰ্দেশ মতে যাবলৈ ভাবুকি দিয়ে। সেই মতে, ৰঙিয়াৰ দহৰা পাৰ হোৱাৰ পিছত জামৰ তল নামৰ ঠাইত যুৱক দুজনে গাড়ীখন ৰখায়। লগে লগে যুৱক দুজনে দাসৰ পৰা গাড়ীৰ চাবি বিচাৰে। চাবি দিবলৈ অমান্তি হোৱাত এজন যুৱকে দাসক পিষ্টলেৰে ডিঙিত গুলীয়ায়।