• Home
  • »
  • News
  • »
  • assam
  • »
  • নিহত ডকাইত জয়নাল আবেদিন হেনো নিৰাপৰাধী, ক'লে বিধায়ক আমিনুল ইছলামে

নিহত ডকাইত জয়নাল আবেদিন হেনো নিৰাপৰাধী, ক'লে বিধায়ক আমিনুল ইছলামে

বিধায়ক ইছলামৰ মতে, ড° হিমন্ত বিশ্ব শৰ্মাৰ উচটনিতে  আৰক্ষীয়ে অসমখন মানৱতাৰ বধ্যভূমিত পৰিণত কৰিছে।

বিধায়ক ইছলামৰ মতে, ড° হিমন্ত বিশ্ব শৰ্মাৰ উচটনিতে আৰক্ষীয়ে অসমখন মানৱতাৰ বধ্যভূমিত পৰিণত কৰিছে।

বিধায়ক ইছলামৰ মতে, ড° হিমন্ত বিশ্ব শৰ্মাৰ উচটনিতে আৰক্ষীয়ে অসমখন মানৱতাৰ বধ্যভূমিত পৰিণত কৰিছে।

  • Share this:

বিভিন্ন সময়ত বিতৰ্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰা ধিং সমষ্টিৰ বিধায়ক তথা এআইইউডিএফৰ জ্যেষ্ঠ নেতা আমিনুল ইছলাম থিয় দিছে কুখ্যাত ডকাইত মৃত জয়নাল আবেদিনৰ পক্ষত। শনিবাৰে পুৱতিনিশা নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) ধ্ৰুৱ বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে ধিঙৰ বৰভেটিত এক সংঘৰ্ষত গুলীয়াই হত্যা কৰিছিল নগাঁও জিলাৰ ম'ষ্ট ৱাণ্টেড ডকাইত জয়নাল আবেদিনক।


জয়নালৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল চীনত নিৰ্মিত এটা ৭.৬৫ পিষ্টল। জয়নালে পূৰ্বে বহুবাৰ আৰক্ষীকো আক্ৰমণৰ চেষ্টা চলাইছিল। জয়নালৰ বিৰুদ্ধে বহু হত্যা, ডকাইতি আৰু চুৰিৰ অভিযোগ থকাৰ উপৰি জয়নালে আৰক্ষী থানাত অগ্নিসংযোগ কৰি অস্ত্ৰ লুট কৰাৰো অভিযোগ আছিল। পিছে এইগৰাকী কুখ্যাত অপৰাধীক নিৰপৰাধী যুৱক আখ্যা দিলে বিধায়ক আমিনুল ইছলামে।


বিধায়কগৰাকীয়ে কয়, "অসমখন বধ্যভূমিত পৰিণত হৈছে। মোৰ সমষ্টিৰ সাধাৰণ যুৱক জয়নাল আবেদিনক ভুৱা সংঘৰ্ষত হত্যা কৰা হৈছে। জয়নালৰ বিৰুদ্ধে কোনো গোচৰ নাই। জয়নালে মাথো মদ্যপান কৰি মানুহক গালি-গালাজহে কৰিছিল। কিন্তু তেওঁক ডকাইত সজাই হত্যা কৰা হ'ল। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উচটনিতে বৰ্তমান অসম আৰক্ষীয়ে অসমখন মানৱতাৰ বধ্যভূমিত পৰিণত কৰিছে।"


বিধায়কগৰাকীৰ এই মন্তব্যৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এগৰাকী দুৰ্ধৰ্ষ ডকাইতক নিৰাপৰাধী সজাব বিচৰা বিধায়কগৰাকীৰ প্ৰচেষ্টাই ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে। আনহাতে বিগত সময়ছোৱাত জয়নাল আবেদিনে এটা বিশেষ ৰাজনৈতিক দলৰ হৈ কাম কৰা বুলিও ধিং অঞ্চলৰ ৰাইজে অভিযোগ কৰিছিল।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি