শ্বাহ আলমৰ এনকাউন্টাৰক লৈ বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয়- শ্বাহ আলমৰ ঘটনাটো এনকাউন্টাৰ নহয় ৷ এয়া চৰকাৰী বাহিনীয়ে শীতল মস্তিস্কৰে কৰা হত্যাকাণ্ড ৷ মেডিকেল ৰিপ'ৰ্ট আৰু চিকিৎসকৰ ভাষ্য অনুসৰি শ্বাহ আলমৰ শৰীৰত লগা গুলী দুটা সন্মুখৰ পৰা শৰীৰত লাগি পাৰ হৈ গৈছে ৷ শ্বাহ আলমে পলাবলৈ চেষ্টা কৰোতে কৰা গুলী নহয় ৷ এইটো চৰকাৰী পক্ষই শীতল মস্তিস্কৰে কৰা হত্যাকাণ্ড ৷
বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কাৰ্যপালিকাৰ লগতে ন্যায়পালিকাৰো দায়িত্ব পালন কৰিছে ৷
বিধায়কগৰাকীয়ে লগতে কয় যে এনে কৰ্মকাণ্ডই ন্যায়পালিকাৰ মৰ্যাদা অবনমিত কৰে আৰু ন্যায়পালিকাকো অপমানিত কৰে ৷ এই কাৰ্যক বিধায়ক শ্বেৰমানৰ গৰিহনা আৰু ধিক্কাৰ ৷ শ্বাহ আলমে কিছুদিন পূৰ্বে ভাৰাঘৰৰ মালিকক কৰা অভদ্ৰ আচৰণৰো নিন্দা কৰে ৷ আনহাতে আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰা শ্বাহ আলমক পাষণ্ড বুলিও অভিহিত কৰি পাষণ্ডবোৰে শাস্তি পোৱাটো উচিত বুলিও মন্তব্য বিধায়ক শ্বেৰমান আলী আহমেদৰ ৷
Published by: Kokil Sarma
FIRST PUBLISHED : February 18, 2023, 17:00 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।