শনিবাৰে পুৱতি নিশা আৰক্ষীৰ বেহু ফালি মেডিকেল কলেজৰ পৰাই পলায়ন কৰে ৰাজু বৰুৱাই।
শনিবাৰে পুৱতি নিশা আৰক্ষীৰ বেহু ফালি মেডিকেল কলেজৰ পৰাই পলায়ন কৰে ৰাজু বৰুৱাই।
সমগ্ৰ ঢকুৱাখনাৰ বাবে সন্ত্ৰাসৰ আন এটা নাম গেৰজাই। চুৰি, ডকাইতিৰ পৰা আৰম্ভ কৰি বহু অপৰাধজনিত ঘটনাত জড়িত গেৰজাই ওৰফে ৰাজু বৰুৱাক যোৱা ছেপ্তেম্বৰ মাহত আৰক্ষীয়ে এনকাউণ্টাৰ কৰি আটক কৰিছিল। পৰৱৰ্তী সময়ত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন কৰা হৈছিল ডকাইতটো।
সম্প্ৰতি লখিমপুৰ জিলা কাৰাগাৰত ৰখা গেৰজাইক কিছুদিনৰ পৰা চিকিৎসা প্ৰদান কৰি থকা হৈছিল লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ Covid Ward ত। কিন্তু শনিবাৰে পুৱতি নিশা আৰক্ষীৰ বেহু ফালি মেডিকেল কলেজৰ পৰাই পলায়ন কৰে ৰাজু বৰুৱাই।
লখিমপুৰ আৰক্ষীৰ বাবে মূৰৰ কামূৰণি তথা ঢকুৱাখনাৰ সন্ত্ৰাস গেৰজাই এনেদৰে হাস্পতালৰ পৰা পলায়ন কৰাৰ পিছতে সমগ্ৰ জিলাখনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।আৰক্ষীৰ বেহুত চিকিৎসাধীন হৈ থকা ডকাইত কিদৰে পলায়ন কৰিবলৈ পালে, ই এক ৰহস্যৰ কাৰণ হৈ পৰিছে।
ইফালে এই ঘটনা সংঘটিত হোৱাৰ পিছতে লখিমপুৰ আৰক্ষীৰ সোপাধিলা স্বৰূপ উন্মোচিত হৈ পৰিছে বুলি বহুতে মন্তব্য কৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|