• Home
  • »
  • News
  • »
  • assam
  • »
  • ডবকাত আৰক্ষীৰ জালত কুখ্যাত ডকাইত, বানপানীৰ সময়ত সংঘটিত কৰিছিল ডকাইতি কাণ্ড

ডবকাত আৰক্ষীৰ জালত কুখ্যাত ডকাইত, বানপানীৰ সময়ত সংঘটিত কৰিছিল ডকাইতি কাণ্ড

বানপানীৰ সময়ত দলটো  টুলুঙা নাৱেৰে মাৰণাস্ত্ৰ লৈ লুতফুৰৰ ঘৰত প্ৰৱেশ কৰি হাত ভৰি বান্ধি মাৰপিট কৰি ৫২ হাজাৰ টকাসহ লুট কৰি নিছিল বিভিন্ন সামগ্ৰী।

  • Share this:
হোজাই জিলাৰ ডবকা নগৰৰ পৰা এজন কুখ্যাত ডকাইতক গ্ৰেপ্তাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। গ্ৰেপ্তাৰ হোৱা হোৱা কুখ্যাত ডকাইত ছাইফুদ্দিনৰ ঘৰ ডবকা চাংমাজিত বুলি জানিব পৰা গৈছে। গোপন সূত্ৰৰ ভিত্তিত ডবকা নগৰৰ পৰা গ্ৰেপ্তাৰ কৰে ডকাইতটোক।দুমাহ পূৰ্বে ডবকা বিন্নাকান্দি যুগীঝানৰ লুতফুৰ ৰহমান নামৰ লোক এজনৰ  ঘৰত চাৰিজনীয়া দুৰ্বৃত্তৰ দলে নিশা প্ৰৱেশ কৰি চডকাইতি কাণ্ড সংঘটিত কৰিছিল।

বানপানীৰ সময়ত দলটো  টুলুঙা নাৱেৰে মাৰণাস্ত্ৰ লৈ লুতফুৰৰ ঘৰত প্ৰৱেশ কৰি হাত ভৰি বান্ধি মাৰপিট কৰি ৫২ হাজাৰ টকাসহ লুট কৰি নিছিল বিভিন্ন সামগ্ৰী। ভুক্তভোগীৰ পৰিয়ালে চিঞৰ–বাখৰ কৰাত কুখ্যাত ডকাইতৰ দলটোৱে টুলুঙা নাও, বঠা আৰু চেণ্ডেল এৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও লুতফুৰে কুখ্যাত ছাইফ উদ্দিন আৰু হাবিল আহমেদ নামৰ দুজন যুৱকক চিনাক্ত কৰি যমুনামুখ আৰক্ষী থানাত গোচৰ তৰিছিল।

কিন্তু ৰহস্যজনকভাৱে যমুনামুখ আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল বুলি ভুক্তভোগীয়ে অভিযোগ কৰিছে। পিছলৈ যমুনামুখ আৰক্ষীয়ে গোচৰটো ডবকালৈ স্থানান্তৰিত কৰে। আজি কুখ্যাত ডকাইতটো ডবকা নগৰত ঘূৰি ফুৰি থকা অৱস্থাত ডবকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ডকাইতটোক ডবকা আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে।
Published by:Sanjay Kumar Das
First published: