এখন–দুখন নহয়, ইমানবোৰ বাইক আৰক্ষীয়ে পালে ক’ত?

অৱশেষত জালত পৰিল নগাঁৱত আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা ৩টা ডকাইত

news18assam
Updated:May 11, 2019, 2:56 PM IST
এখন–দুখন নহয়, ইমানবোৰ বাইক আৰক্ষীয়ে পালে ক’ত?
অৱশেষত জালত পৰিল নগাঁৱত আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা ৩টা ডকাইত
news18assam
Updated: May 11, 2019, 2:56 PM IST
অৱশেষত জালত পৰিল নগাঁৱত আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা ৩টা ডকাইত। নগাঁও আৰক্ষীৰ উপ–আৰক্ষী অধীক্ষক মানস শইকীয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে জিলাখনৰ ধিং আৰু ৰূপহীহাটত অভিযান চলাই গ্ৰেপ্তাৰ কৰে ডকাইত তিনিটাক। উল্লেখযোগ্য যে বৃহস্পতিবাৰে দিনদুপৰতে ববিতা শইকীয়া নামৰ এগৰাকী মহিলাক আক্ৰমণ কৰি মহিলাগৰাকীৰ পৰা লুটি নিছিল ১ লাখ টকা। বেংকৰ পৰা টকাখিনি উলিয়াই ঘৰলৈ যোৱাৰ পথতে লুটপাত চলায় ডকাইতে। লগতে ডকাইতে বিগত মাহত ধন লুটৰ চেষ্টাৰে আক্ৰমণ কৰিছিল বহু লোকক। এই সন্দৰ্ভত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে ধিঙৰ পৰা ৰহমান আৰু তাহাজুল ইছলাম, ৰূপহীহাটৰ পৰা মকছেদুল ইছলাম নামৰ ডকাইতকেইটাক। লগতে আৰক্ষীয়ে জব্দ কৰিলে ২৪খন নম্বৰ প্লেটবিহীন বাইকো। নগাঁৱৰ চামগুৰি বাজিয়াগাঁও আৰু গেৰুৱাত এতিয়াও অব্যাহত আছে চিলনী চোৰৰ ত্ৰাস।
আৰু চাওক পৰৱৰ্তী বাতৰি