মুখ্যপৃষ্ঠা »খবৰ »অসম »DAC Election Result : শিৱসাগৰ–চৰাইদেউ জিলাৰ তিনিটা পৰিষদীয় সমষ্টিৰ দুটা বিজেপিৰ দখললৈ

DAC Election Result : শিৱসাগৰ–চৰাইদেউ জিলাৰ তিনিটা পৰিষদীয় সমষ্টিৰ দুটা বিজেপিৰ দখললৈ

অতি বেয়া দিনতো এটা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীৰ মুখত বিৰিঙিছে হাঁহি

অতি বেয়া দিনতো এটা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীৰ মুখত বিৰিঙিছে হাঁহি

অতি বেয়া দিনতো এটা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীৰ মুখত বিৰিঙিছে হাঁহি

  • Share this:

বহু জল্পনা–কল্পনাৰ অন্তত আজি ঘোষণা কৰা হ'ল দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ফলাফল। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ তিনিটা পৰিষদীয় সমষ্টিৰ দুটা সমষ্টি ক্ৰমে কটিয়ৰী আৰু ৰাজাবাৰী সমষ্টি দখল কৰিলে বিজেপি–অগপ মিত্ৰজোঁটে । ইয়াৰ বিপৰীতে টেঙাপানী সমষ্টিত জয়ৰ মুখ দেখিলে কংগ্ৰেছ প্ৰাৰ্থী সোণেশ্বৰ দেউৰীয়ে।


কটিয়ৰী সমষ্টিত বিজেপি প্ৰাৰ্থী হিৰণজিৎ বীৰেশ্বৰ দেউৰীয়ে ১০৯ টা ভোটত জয়লাভ কৰে। সমষ্টিটোত বিজেপিৰ হিৰণজিৎ বীৰেশ্বৰ দেউৰীয়ে  মুঠ ৫২৭ টা ভোট,  কংগ্ৰেছৰ বসন্ত দেউৰীয়ে ১১৫ টা ভোট, ৰাইজৰ দলৰ ধৰ্মেশ্বৰ দেউৰীয়ে ৫৬ টা ভোট আৰু নিৰ্দলীয় হৰি গোবিন্দ দেউৰীয়ে লাভ কৰে ৪১৮ টা ভোট।


আনহাতে থাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত টেঙাপানী সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী সোণেশ্বৰ দেউৰীয়ে ৪টা ভোটত জয়লাভ কৰে। কংগ্ৰেছৰ অতি বেয়া দিনতো সোণেশ্বৰ দেউৰীয়ে ৪ টা ভোটত জয়ী হয়। সোণেশ্বৰ দেউৰীয়ে ৩০৮ টা ভোট লাভ কৰাৰ বিপৰীতে নিকটতম অগপ প্ৰাৰ্থী ভবেন দেউৰীয়ে লাভ কৰে ৩০৪ টা ভোট।


ইপিনে ৰজাবাৰী সমষ্টিত ৪৩৫ টা ভোটত জয়ী হয় বিজেপি প্ৰাৰ্থী ভৈৰৱ দেউৰী। বিজেপি প্ৰাৰ্থী গৰাকীয়ে ৯৭০ টা ভোট লাভ কৰাৰ বিপৰীতে নিৰ্দলীয় বৈকুণ্ঠ দেউৰীয়ে লাভ কৰে ৫৩৫ টা ভোট।


লক্ষণীয় যে শাসকীয় বিজেপি মিত্ৰজোঁটে তিনিওটা সমষ্টিয়েই দখলৰ বাবে আপ্ৰাণ চেষ্টা চলাইছিল যদিও ধৰি ৰাখিব নোৱাৰিলে টেঙাপানী সমষ্টি।  জয়ন্ত মল্ল বৰুৱা, যোগেন মহনকে ধৰি কেইবাগৰাকী মন্ত্ৰী–বিধায়কে মাৰাথন প্ৰচাৰ চলাইছিল সমষ্টিকেইটাত। অথচ বিজেপি–অগপ মিত্ৰজোঁটে দখল কৰিব নোৱাৰিলে সুশান্ত বৰগোহাঁইৰ বিধায়ক হৈ থকা থাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত টেঙাপানী পৰিষদীয় সমষ্টি।


ইয়াৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ জিলা উন্নয়ন পৰিষদৰ ভোট গণনা কেন্দ্ৰৰ সন্মুখত বিজেপি অগপৰ সমানেই আনন্দ উছাহ দেখা গ'ল কংগ্ৰেছ সমৰ্থকৰ মাজত।


" মোক সুশান্ত বৰগোহাঁয়ে প্ৰলোভন দিছিল। কিন্তু মই বিক্ৰী নহ'লোঁ । সততাৰে ৰাইজৰ কাম কৰি যাম কংগ্ৰেছত থাকি।" –এই মন্তব্য টেঙাপানী সমষ্টিত শেষ হাঁহি মৰা সোণেশ্বৰ দেউৰীৰ।

শেহতীয়া বাতৰি