ৰকিবুল হুছেইনৰ ফাৰ্ম হাউচত যুৱতী ধৰ্ষণৰ ঘটনাঃ নিৰ্যাতিতা যুৱতীৰ পৰিয়ালক হত্যাৰ ভাবুকি মূল অভিযুক্ত তাজ উদ্দিনৰ পৰিয়ালৰ

ডবকাত সংঘটিত হোৱা যুৱতী ধৰ্ষণ কাণ্ডই এতিয়া জোকাৰিছে সমগ্ৰ ৰাজ্য। যোৱা ২ ছেপ্তেম্বৰ তাৰিখে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ডবকাৰ সৰুপথাৰস্থিত ফাৰ্ম হাউচত এগৰাকী যুৱতীক ধৰ্ষণ কৰি হত্যাৰ অপচেষ্টা চলাইছিল এদল পাষণ্ডই।

- News18 Assam
- Last Updated: September 6, 2020, 10:28 PM IST
দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছতেই অভিযুক্তৰ পিতৃ আৰু ভাতৃয়ে দুৰ্ভগীয়া যুৱতীগৰাকীৰ পৰিয়ালৰ লোকক ট্ৰাকৰ তলত পেলাই হত্যাৰ ভাবুকি দিয়াৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। লম্পট কেইটাৰ পৰিয়ালৰ এনে আচৰণত এতিয়া জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন। দেওবাৰে সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ ডবকা আঞ্চলিক সমিতিৰ উদ্যোগত ঘটনাস্থলীত এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হয়।
প্ৰগতিশীল নাৰী সন্থাৰ ৰাজ্যিক সম্পাদিকা মিৰ্নালী দেৱীৰ নেতৃত্বত হাতে হাতে প্লেকাৰ্ড লৈ দোষীক ফাঁচী দিয়াৰ লগতে নিৰ্যাতিতা যুৱতীগৰাকীৰ পৰিয়ালক সুৰক্ষা প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।