চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! জুন মাহৰ ভিতৰত বাঢ়িব দৰমহা!

News18 Assam | News18-Assam
Updated:February 7, 2021, 6:50 PM IST
চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! জুন মাহৰ ভিতৰত বাঢ়িব দৰমহা!
ইয়াৰ ফলত লাভৱান হ’ব ৪৮.৩৪ লাখ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰী আৰু ৬৫.২৬ লাখ পেঞ্চনভোগী।

ইয়াৰ ফলত লাভৱান হ’ব ৪৮.৩৪ লাখ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰী আৰু ৬৫.২৬ লাখ পেঞ্চনভোগী।

  • Share this:
শীঘ্ৰে চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিব ভাল খবৰ। দৰমহা বাঢ়িব কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ। অল ইণ্ডিয়া কনজ্যুমাৰ প্ৰাইচ ইনডেক্স প্ৰকাশ কৰাৰ পিছতে কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীৰ ডি এ বৃদ্ধি কৰাটো প্ৰায় চূড়ান্ত হৈ পৰিছে। কৰ্মচাৰীসকলৰ ডি এ সপ্তম দৰমহা আয়োগৰ আধাৰত বাঢ়িব বুলি ৰিপৰ্ট লাভ কৰা হৈছে।

উল্লেখ্য যে, বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে ১৭ শতাংশ ডি এ লাভ কৰে। কিন্তু এই ডি এ এতিয়া ২১ শতাংশলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। সকলো ঠিকে থাকিলে অহা জুন মাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ডি এ বৃদ্ধি হোৱাৰ সম্ভাৱনাআছে।

উল্লেখ্য যে, ২০২০ৰ মাৰ্চত মন্ত্ৰীসভাৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জানুৱাৰীৰ পৰা ৪ শতাংশ ডি এ বৃদ্ধিৰ কথা ঘোষণা কৰিছিল। বৰ্তমান বেছিক পে’ বা পেনচনৰ ১৭ শতাংশ ডি এ হিচাপে দিয়া হয়। এই ১৭ শতাংশত আৰু ৪ শতাংশ ডি এ দিয়াৰ ঘোষণা হৈছিল। কিন্তু কোৰোণা ভাইৰাছৰ সন্ত্ৰাসৰ বাবে ইয়াক কাৰ্যত ৰূপ দিব পৰা নাছিল। কিন্তু এতিয়া পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰে অহা জুন মাহৰ ভিতৰত ডি এ ২১ শতাংশ লৈ বৃদ্ধি কৰিব পাৰে।

ইয়াৰ ফলত লাভৱান হ’ব ৪৮.৩৪ লাখ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰী আৰু ৬৫.২৬ লাখ পেঞ্চনভোগী। ইয়াৰ বাবে অতিৰিক্ত ১৪,৫৯৫ কোটি টকা খৰচ হ’ব।
Published by: Himangshu Bhuyan
First published: February 7, 2021, 6:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি