
স্বদেশী মহিলালৈ প্ৰেৰণ ‘D-Voter’ ৰ জাননী
স্বদেশী মহিলালৈ প্ৰেৰণ ‘D-Voter’ ৰ জাননী
NRC ক লৈ ৰাজ্যত চলি থকা বিভিন্ন বিতৰ্কৰ মাজতে নলবাৰীৰ এগৰাকী বোৱাৰীয়ে এইবাৰ NRC ৰ নামত বাৰম্বাৰ হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলি দাবী কৰিলে। বোৱাৰীগৰাকীৰ নাম ৰানু সমদদাৰ। উল্লেখ্য যে বঙাইগাওঁত জন্ম গ্ৰহণ কৰা ৰানু সমদদাৰ 15 বছৰ বয়সতে বিবাহপাশত আৱদ্ধ হৈছিল নলবাৰীৰ প্ৰয়াত শংকৰ সমদদাৰ নামৰ লোকৰ সৈতে।বৰ্তমান পাঁচটি সন্তানৰ মাতৃ ৰানু সমদদাৰলৈ 2004 চনত D-Voter বুলি এখন চমন নলবাৰী আৰক্ষীয়ে প্ৰেৰণ । পিছত ৰানু সমদদাৰ সহ পৰিয়ালৰ লোকে দণ্ড ন্যায়ধিশৰ কাষ চাপে আৰু 2014 চনত আদালতে ৰানু সমদদাৰক ভাৰতীয় নাগৰিক হিচাপে ৰায়দান দিয়ে।
কিন্তু ইয়াৰ পিছতো অন্ত নপৰিল পৰিয়ালটোৰ মানসিক বোজা, NRC ৰ চুড়ান্ত খচৰাত নাহিল মহিলাগৰাকীৰ নাম, তাৰ পৰিৱৰ্তে চাৰি জুলাই তাৰিখে পুনৰ ৰানু সমদদাৰৰ নামত আহিল পুনৰ D-Voter ৰ জাননী। এতিয়া উপায় বিহীন হৈ পৰিয়ালটোৱে অৱশেষত কাষ চাপিলে সংবাদ মাধ্যমৰ।
Published by:Dulu Medhi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|