য়াছ সাগৰীয় ঘূৰ্ণি বতাহৰ আগজাননী পোৱাৰ পিছত চৰকাৰৰ নিৰ্দেশ অনুসৰি ওড়িশালৈ ৰাওনা গুৱাহাটী মহানগৰীৰৰ ৰাণীস্থিত NDRF বাহিনীৰ মুঠ ৮টা উদ্ধাৰ অভিযানকাৰী দল। য়াছ ঘূৰ্ণি বতাহে ওড়িশাত কাল ৰূপ লোৱাৰ আশংকা থকাৰ বাবে এনে পদক্ষেপ লোৱা হৈছে। অহা ২৬ মে' বুধবাৰে বে' অফ বেংগলত উৎপত্তি হোৱা য়াছ সাগৰীয় ঘূৰ্ণি বতাহে দুপৰীয়া ওড়িশাৰ বিভিন্ন প্ৰান্তত কোবাই যোৱাৰ আশংকা কৰা হৈছে।
বুধবাৰে ঘণ্টাত সৰ্বোচ্চ ১৮৫ কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই (IMD)। এই য়াছ ঘূৰ্ণি বতাহৰ বাবে চৰকাৰৰ নিৰ্দেশ মৰ্মে উদ্ধাৰ অভিযানৰ বাবে গুৱাহাটী মহানগৰীৰ ৰাণীস্থিত NDRF বাহিনীৰ কাৰ্যালয়ৰ মুঠ ৮টা দল আজি বায়ু সেনাৰ বিশেষ বিমানেৰে ৰাওনা হৈছে ওড়িশালৈ। গুৱাহাটীৰ পৰা ওড়িশালৈ NDRFৰ উদ্ধাৰ অভিযানকাৰীৰ ২০০জন জোৱানৰ এই দলটিত অভিযন্তা, কাৰিকৰী বিশেষজ্ঞও আছে। উল্লেখ্য, য়াছ ঘূৰ্ণি বতাহত কোনো লোক যাতে হতাহত বা আবদ্ধ হৈ থাকিব লগা নহয়, তাৰ বাবে আগতীয়াকৈ ওড়িশাত সাজু কৰা হৈছে NDRF বাহিনীৰ উদ্ধাৰকাৰী দল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|